এটা প্ৰশ্নৰ পোনপটীয়া উত্তৰ বিচাৰি হাবাথুৰি খাইছে অসমৰ সাংবাদিকসকলে। সেই প্ৰশ্নটো হ’ল সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিলনে নাই? আৰু যদিহে গৈছিল ক’লৈ গৈছিল আৰু কিয় গৈছিল! এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ দিয়াৰপৰা বিৰত আছে সাংসদ গৌৰৱ গগৈ আৰু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি গৈছে। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ বিতৰ্কই দৈনিক নতুন মাত্ৰা লাভ কৰিছে। ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ সকলো তথ্য ফাদিল কৰাৰ লগতে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰি আহিছে। ইয়াৰ বিপৰীতে “ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ ফাদিল হোৱাৰ পিছত বিজেপিত এটা ডাঙৰ ভূমিকম্প হ’ব” বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে।
মুখ্যমন্ত্ৰীৰ দাবী ছেপ্তেম্বৰত তথ্য সহকাৰে ফাদিল হ’ব সাংসদ গৌৰৱ গগৈৰ পাকিস্তান কাণ্ড! কেৱল সেয়াই নহয় জব্দ হ’ব গৌৰৱ গগৈৰ পত্নীৰ পাছপৰ্ট। লোৱা হ’ব আৰু বহুখিনি ব্যৱস্থা। মুখ্যমন্ত্ৰীৰ মতে সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ যি ঠাইলৈ গৈছিল আৰু যি ধৰণে গৈছিল সেয়া অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়। মুখ্যমন্ত্ৰীৰ দাবী পাকিস্তানৰপৰা অহাৰ পিছত গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰা প্ৰশ্নসমূহৰ বিষয়ে শুনিলে সকলোৰে গাৰ নোম শিয়ৰি উঠিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ তোলা মতে, সেই সময়ত গৌৰৱ গগৈয়ে ভাৰতৰ নিউক্লিয়াৰ অস্ত্ৰ ভাণ্ডাৰ সন্দৰ্ভত প্ৰশ্ন সুধিছিল। ভাৰতে ৰাফেল যুঁজাৰু বিমান, S-400 ক্ৰয় কৰাৰ বিৰোধিতা কৰিছিল। মুম্বাইৰ তাজ হোটেলত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদী দলটো যি পথেৰে ভাৰতত প্ৰৱেশ কৰিছিল সেই পথটোত কেনে নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ল সৈই তথ্য গৌৰৱ গগৈয়ে জানিবলৈ বিচাৰিছিল বুলি অভিযোগ তুলিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা-যোৱা কৰিছিল বুলি মত ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰে অধিকবাৰ তেওঁ নেপালেৰে পাকিস্তানলৈ গৈছিল অথবা খোজকাঢ়ি গৈছিল।
কিন্তু মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে পুনৰ তেওঁ পাকিস্তানলৈ যোৱা নোযোৱা সন্দৰ্ভত স্পষ্ট উত্তৰ নিদি কয় যে বক্সিঙত যেনেদৰে নকআউট পাঞ্চ শেষত দিয়ে, তেনেদৰে এই বিতৰ্কৰ নকআউট পাঞ্চ উত্তৰটো শেষত দিবলৈ তেওঁ ৰৈ আছে। সাংসদ গৌৰৱ গগৈয়ে কয় যে ছেপ্তেম্বৰৰ ১০ তাৰিখে বিজেপিত এটা বৃহৎ ৰাজনৈতিক ভূমিকম্প হ’ব। সেই দিনটোৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মিথ্যাচাৰৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব বুলি দাবী সাংসদ গৌৰৱ গগৈৰ। আনহাতে এই সমগ্ৰ পাকিস্তান বিতৰ্কটোক এখন বিগ বাজেটৰ চিনেমা আখ্যা দি ছেপ্তেম্বৰত ৰিলিজ হোৱাৰ পিছত এই চিনেমাখন ফ্লপ মাৰিব বুলি কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। সাংসদগৰাকীৰ মতে এই চিনেমাখনৰ নাম হল “হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া”।