দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত উত্তৰ-পূব ভাৰত সন্মিলনত ভাষণ প্ৰদান কৰে। ইয়াত বিদেশৰপৰা অহা ৭৫জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে উত্তৰ-পূব এতিয়া ভাৰতৰ বিকাশৰ ইঞ্জিন হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। বিনিয়োগৰ বাবে সকলো ৰাজ্যই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ভাৰত মণ্ডপমত দিয়া ভাষণত তেওঁ কয় যে ‘‘আজি মই ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটৰ এই মঞ্চত উপস্থিত থাকিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছো আৰু আত্মীয়তা অনুভৱ কৰিছো। ইয়াত এক আপোনত্বৰ ভাৱ আছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভৱিষ্যতৰ প্ৰতি অপৰিসীম বিশ্বাস আছে।’’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘মাত্ৰ কেইমাহমানৰ আগতে আমি ইয়াত ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱ পালন কৰিছোঁ। আজি আমি ইয়াত উত্তৰ পূৰ্বাঞ্চলত বিনিয়োগৰ উদযাপন কৰিছো। ইমান বৃহৎ সংখ্যক উদ্যোগী নেতা ইয়ালৈ আহিছে। ইয়াৰ পৰা দেখা যায় যে সকলোৱে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি উৎসাহী, আগ্ৰহী আৰু নতুন সপোন দেখিছে। ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয়। আমাৰ উত্তৰ পূৰ্বাঞ্চল এই বৈচিত্ৰ্যপূৰ্ণ দেশৰ আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ অংশ। বাণিজ্যৰপৰা পৰম্পৰালৈ, বস্ত্ৰশিল্পৰপৰা পৰ্যটনলৈকে উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যই ইয়াৰ আটাইতকৈ ডাঙৰ শক্তি।
উত্তৰ-পূবৰ উন্নয়ন অত্যাৱশ্যকীয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয়, ‘‘এখন উন্নত ভাৰতৰ সৃষ্টিৰ বাবে উত্তৰ পূব ভাৰতৰ বিকাশ অতি গুৰুত্বপূৰ্ণ। উত্তৰ-পূৰ্বাঞ্চল হৈছে পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। আমাৰ বাবে EAST (পূব) মানে- Empower, Act, Strengthen and Transform.
আমি তেওঁলোকৰ চকুত আশা দেখিছোঁ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘পূব ভাৰতৰ বাবে আমাৰ চৰকাৰৰ এয়া নীতি। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসকলে ৭০০ বাৰতকৈও অধিক উত্তৰ-পূব ভ্ৰমণ কৰিছে। তেওঁলোকে সেই মাটিৰ পৰশ অনুভৱ কৰিছে, ৰাইজৰ চকুত আশা দেখিছে আৰু সেই আস্থাক উন্নয়ন নীতিলৈ ৰূপান্তৰিত কৰিছে। যোৱা ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলত যি পৰিৱৰ্তন হৈছে সেয়া কেৱল পৰিসংখ্যাৰ কথা নহয়। সেইটোৱেই হৈছে উত্তৰ পূবৰ মাটিত অনুভৱ কৰা পৰিৱৰ্তন। আমি কেৱল আঁচনিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক গঢ়ি তোলা নাই, আমি অন্তৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছো।
বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমি আন্তঃগাঁথনি কেৱল ইটা-চিমেণ্ট হিচাপে দেখা নাই, আমি ইয়াক আৱেগিক সংযোগৰ মাধ্যম কৰি লৈছো। আমি Look Eastৰ বাহিৰলৈ গৈ Act Eastৰ মন্ত্ৰ অনুসৰণ কৰিছো। এটা সময় আছিল যেতিয়া উত্তৰ পূবক কেৱল সীমান্ত অঞ্চল বুলি কোৱা হৈছিল। আজি ই বিকাশৰ আগশাৰীৰ স্থানত পৰিণত হৈছে। এক প্ৰকাৰে উত্তৰ-পূব পৰ্যটনৰ বাবে ই এক সম্পূৰ্ণ পেকেজ। এতিয়া উন্নয়নৰ সুফল উত্তৰ-পূর্বাঞ্চলৰ চুক-কোণে বিয়পি পৰিছে, আৰু ইয়াৰ ফলত পৰ্যটনতো ইতিবাচক প্রভাৱ পৰিছে৷ তাত পৰ্যটকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে।