কাঁৰ ৰেড কাৰ্পেটত ভাৰতীয় সাজ-পাৰেৰে পঞ্চমবাৰৰ বাবে উজলিল অসম কন্যা সংযুক্তা দত্তৰ বস্ত্ৰসম্ভাৰ

 বিশ্বৰ সৰ্ববৃহৎ তথা সন্মানীয় চলচিত্ৰ মহোৎসৱ ‘কাঁ মহোৎসৱ’ত ভাৰতীয় ফেশ্বন জগতক উজলাই পুনৰ এবাৰ জিলিকি উঠিল দেশৰে এগৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্ত ৷ তিনি গৰাকী সুন্দৰী প্ৰসিদ্ধ মডেলে যেতিয়া সংযুক্তাৰ সৃষ্টিৰ পোচাক পিন্ধি লয়লাসে খোজ দিছিল কাঁৰ ৰঙা দলিচাত, তেতিয়া কেমেৰাবোৰ ঘূৰ খাই গৈছিল সেই ছন্দ কেমেৰাত আবদ্ধ কৰিবলৈ ৷ মুগ্ধ হৈ পৰিছিল ফেশ্বন অনুৰাগীসকল ।



সমগ্ৰ বিশ্বৰে এবছৰৰ বিশেষ কেইটামান দিনত দৃষ্টি নিবদ্ধ হৈ থাকে ফ্ৰান্সত অনুষ্ঠিত কাঁ মহোৎসৱৰ ৰেড কাৰ্পেটত ৷ কিয়নো এই ৰেড কাৰ্পেটতেই বিস্ময়কৰ ফেশ্বন সম্ভাৰেৰে খোজ থয় নানা তাৰকা-মহাতাৰকা তথা আগশাৰীৰ মডেল সকলে । ১৩ মে’ত আৰম্ভ হৈ ২৪ মে’ত সামৰণি পৰিবলগীয়া এইবাৰৰ কাঁ মহোৎসৱৰ ৰঙা দলিচাত সংযুক্তা দত্তৰ বস্ত্ৰৰ নতুন ফেশ্বনে দৃষ্টি হৰিলে অজস্ৰজনৰ লগতে ফেশ্বনপ্ৰেমী সকলৰ।

তাৰকা-মহাতাৰকা অভিনেতা-অভিনেত্ৰী আৰু মেগা মডেলৰ সমাৱেশেৰে উদুলি-মুদুলি হৈ পৰিছে ফ্ৰান্সৰ এই ঐতিহ্যমণ্ডিত ৰঙা দলিচা ৷ শুকুৰবাৰে যেতিয়া ভাৰতৰ সমাদৃত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ নৱতম বস্ত্ৰ সম্ভাৰেৰে তিনিগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সুন্দৰীয়ে কাঁৰ ৰঙা দলিচাত খোজ দিছিল তেতিয়া সৃষ্টি হৈছিল এক অভিনৱ চমকৰ। এক আড়ম্বৰপূৰ্ণ বয়নশৈলীৰে বস্ত্ৰ সম্ভাৰত সপোন ৰচা সংযুক্তা দত্তই পুনৰ এবাৰ অসমৰ হস্ততাঁতশালৰ গৌৰৱক বিশ্বৰ আটাইতকৈ গ্লেমাৰাছ মঞ্চখনত উজলাই তুলিলে । সংযুক্তা দত্তৰ হাতেৰে বোঁৱা উৰ্বোৎকৃষ্ট সাজ-পাৰে যেতিয়া বিশ্বৰ পৰিচিত তিনিগৰাকী সুন্দৰীৰ দেহত শোভা পাইছিল, তেতিয়া তাৰ ভাঁজে ভাঁজে চমকি উঠিছিল ভাৰতৰ চহকী বস্ত্ৰ ঐতিহ্য ।

Post a Comment

Previous Post Next Post