খুলি দিয়া হ’ল ৩২টা বিমানবন্দৰ। এয়াৰপ’ৰ্টছ অথৰিটী অৱ ইণ্ডিয়া (AAI) আৰু সংশ্লিষ্ট বিমান চলাচল কৰ্তৃপক্ষই উত্তৰ আৰু পশ্চিম ভাৰতৰ ৩২টা বিমানবন্দৰ খোলাৰ জাননী জাৰি কৰিছে।
বিবৃতিত জনোৱা হয়, ‘‘৩২টা বিমানবন্দৰৰ পৰা অসামৰিক বিমানৰ চলাচল ১৫ মে’ ২০২৫ৰ ০৫ছ২৯ পৰ্যন্ত কিছুদিনৰ বাবে বন্ধ ৰখাৰ নটিচ জাৰি কৰা হৈছিল। জনোৱা হৈছিল যে এই বিমানবন্দৰসমূহৰ পৰা এতিয়া অসামৰিক বিমান চলাচল কৰিব পাৰিব। যাত্ৰীসকলক ফ্লাইট ষ্টেটাছ চেক আৰু নিয়মিত আপডেটৰ বাবে এয়াৰলাইন্সৰ ৱেবছাইটবোৰ পৰ্যবেক্ষণ কৰাৰ পৰামৰ্শ দিয়া হৈছে।’’
NOTAM জাৰি হোৱা পিছত চণ্ডীগড় বিমানবন্দৰে জনাইছে যে ১২ মে’ ২০২৫ৰ পুৱা ১০:৩০ বজাৰ পৰা শ্বহীদ ভগত সিং আন্তৰ্জাতিক বিমানবন্দৰত বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে।
শনিবাৰে নতুন দিল্লী আৰু ইছলামাবাদে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত দেওবাৰে জম্মু-কাশ্মীৰ আৰু আন্তৰ্জাতিক সীমান্তত পাৰ হৈছিল শান্তিপূৰ্ণ নিশা।