ভাৰত আৰু পাকিস্তানৰ Director General of Military Operations (DGMO)ৰ মাজত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত আলোচনা চলি আছে। এতিয়ালৈকে ‘সিন্ধু জল চুক্তি’ সন্দৰ্ভত একো আলোচনা হোৱা নাই। বৈঠকত যুদ্ধবিৰতি আৰু ড্ৰোণ আক্ৰমণৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু এল অ’ চি দুয়োটাৰে বাবে যুদ্ধবিৰতিৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। সূত্ৰৰ খবৰ অনুসৰি, অধিক আলোচনা চলি থাকিব আৰু আলোচনাৰ পৰৱৰ্তী তাৰিখ অতি সোনকালে ঘোষণা কৰা হ’ব।
ভাৰতৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত চৰকাৰে প্ৰকাশ কৰিছে Integrated Air Command and Control Systemৰ এখন ছবি।
ভাৰত আৰু পাকিস্তানৰ সংঘাত আৰু আলোচনাৰ মাজতে আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ক’ব যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কেনেকৈ সন্ত্ৰাসবাদৰ ওপৰত শূন্য সহনশীলতা নীতিৰ অধীনত কাম কৰিছিল আৰু ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰিছিল। সংঘাতপূৰ্ণ পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত এতিয়া প্রধানমন্ত্রী মোদীয়ে এই বিষয়ত দেশবাসীক সম্বোধন কৰিবলৈ ওলাইছে। ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সদায় সক্ৰিয় আছিল। তেওঁ সময়ে সময়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হৈছিল। ইয়াৰ উপৰিও তিনিওটা সেনাৰ মুৰব্বী, CDS আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লৈ আছিল প্ৰধানমন্ত্ৰী মোদীয়ে।