হৃদয়বিদাৰক! একে পৰিয়ালৰে ১৩জনৰ থিতাতে মৃত্যু, মাজনিশা ৰাজপথত মৃত্যুৰ কিৰিলী


 

নিশাৰ ৰাজপথ মানেই যেন শংকা। নিশা হ’লেই পথে পথে আপদ। মৰ্মান্তিক দুৰ্ঘটনাত থিতাতে নিহত ১৩গৰাকী। মৃত্যু একে পৰিয়ালৰে ৯গৰাকী মহিলাৰ। মৃত্যু হ’ল এজন যুৱকৰ। থিতাতে প্ৰাণ গ’ল ৬মহীয়া শিশু সহ ২ কণমানিৰ। ঘটনা ছত্তীশগড়ৰ ৰায়পুৰৰ।

দেওবাৰে গভীৰ নিশা যেন নিয়তিয়ে বাটতে পৰ দি আছিল বহুজনৰ বাবে। ৰায়পুৰ-বালোদাবজাৰ পথত ভয়ানক দুৰ্ঘটনা সংঘটিত হ’ল এখন ট্ৰাক আৰু ট্ৰেইলাৰৰ মাজত। সৰগাঁৱৰ সমীপত সংঘটিত দুৰ্ঘটনাই অমানিশা কঢ়িয়ালে এটা পৰিয়াললৈ। প্ৰচণ্ড শব্দই জোকাৰি গ’ল সৰগাঁও অঞ্চল। শব্দভেদী লৱৰি আহিল স্থানীয় লোক। স্থানীয় লোক আহি পোৱালৈ ৰাজপথত চেদেলি-ভেদিলি মানুহৰ দেহ।

সৰু এখন ট্ৰাকত আহিছিল প্ৰায় ২৫গৰাকী লোক। বন-বনসাৰীত পৰম্পৰাগত চৌতীয়া চত্থিত ভাগ লৈছিল লোকসকলে। অনুষ্ঠান শেষ কৰি গৃহাভূমুখী হৈছিল দলটো। কিন্তু এই উভতনি যেন কালিকালগা। সৰগাঁৱৰ সমীপতে সুতীব্ৰ মুখামুখি খুন্দা ২ বাহনৰ। ঘটনাৰ খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল। ততালিকে উদ্ধাৰ অভিযানত নামি পৰিল আৰক্ষীৰ দলটো। যাকে যেনেকৈয়ে পালে প্ৰেৰণ কৰা হ’ল নিকটৱৰ্তী হাস্পতাললৈ। তেতিয়ালৈকে মৃত্যু ঘটিছিল শিশু-মহিলা ১৩গৰাকীৰ। চটৌড় গাঁৱৰ পৰা যোৱা দলটোৰ ১১ গৰাকীৰ অৱস্থা এতিয়াও সংকটজনক।

ঘটনা স্থলীত নিশাই উপস্থিত ৰায়পুৰৰ আৰক্ষী অধীক্ষক লাল উম্মীদ সিং। ঘটনাৰ বিষয়ে বিৱৰি ক’লে আৰক্ষী অধীক্ষকজনে। দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ অৱস্থা দেখিলে সহজেই অনুমেয় এই সংঘৰ্ষ কিমান ভয়াৱহ আছিল। ঘটনাক হৃদয় বিদাৰক আখ্যা ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰীৰ। দুৰ্ঘটনাগ্ৰস্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলে উপ মুখ্যমন্ত্ৰী অৰুণ চাওৱে।

ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা ভূপেশ বাঘেলে ঘটনাক কেন্দ্ৰ কৰি ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। শাসকীয় দললৈ বিৰোধীৰ দাবী, শীঘ্ৰে নিৰাময় কৰক অনাকাংক্ষিত ঘটনাৰ। ক্ষতিপূৰণ দিয়ক ভুক্তভোগী পৰিয়াললৈ। বিষয়টোক গুৰুত্ব সহকাৰে লওক চৰকাৰে। একেটা পৰিয়ালৰে এনে মৰ্মান্তিক দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ছত্তীশগড়ৰ ৰাজপথৰ যাত্ৰা মানেই যেন আতংক।

Post a Comment

Previous Post Next Post