সাৱধান পাকিস্তান! পৰৱৰ্তী যুদ্ধৰ বাবে সাজু ভাৰতীয় সেনা



 অপাৰেচন সিন্দূৰক লৈ আজি পুনৰ এক সংবাদমেলৰ আয়োজন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। নৌসেনা, স্থলসেনা আৰু বায়ুসেনাই যুটীয়া সংবাদমেলৰ আয়োজন কৰে য’ত উপস্থিত থাকে DGMO ৰাজীৱ ঘাই, ভাইচ এডমিৰেল এ এন প্ৰমোদ আৰু এয়াৰ মাৰ্শ্বেল এ কে ভাৰতীয়ে।

সংবাদমেলত এয়াৰ মাৰ্শ্বেল এ কে ভাৰতীয়ে কয়, ‘‘সন্ত্ৰাস আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে আমাৰ এই যুঁজ। ৭ মে’ত কেৱল সন্ত্ৰাসবাদীৰ ঘাটিহে ধ্বংস কৰিছোঁ। কিন্তু পাকিস্তানে আমাৰ মিলিটেৰীৰ ওপৰত আক্ৰমণ কৰিছিল। আক্ৰমণ কৰা বাবেহে আমি প্ৰত্যাক্ৰমণ কৰিছিলোঁ।’’

‘‘আমাৰ তিনিওটা সেনা বাহিনীয়ে একেলগে কাম কৰিছিল। পাকিস্তানৰ ড্ৰোণ আৰু মিছাইল আক্ৰমণক প্ৰতিহত কৰিছো। এই সময়ছোৱাত আমাৰ এয়াৰ ডিফেঞ্চ ছিষ্টেম প্ৰাচীৰ হিচাপে থিয় হৈছিল। আমি অত্যাধুনিক মিছাইল ছিষ্টেমেৰে ধ্বংস কৰিছো পাকিস্তানৰ ড্ৰোন। ধ্বংস কৰিছো পাকিস্তানৰ PL15E মিছাইল। লেজাৰ গানেৰে পাকিস্তানৰ ড্ৰোণ ধ্বংস কৰিছিলো।’’ - ক’লে এ কে ভাৰতীয়ে।

তেওঁ কয়, পাকিস্তানে নিৰীহ জনতাৰ ওপৰত টাৰ্গেট কৰিছিল। চীনত নিৰ্মিত যুদ্ধ-যন্ত্ৰ আমি ধ্বংস কৰিছো। শিৱসুৰী মন্দিৰৰ ভক্তকো আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানে। LoC আৰু আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম নকৰাকৈ আমি প্ৰত্যাক্ৰমণ কৰিছো।

সংবাদমেলত তেওঁ কয় যে ভাৰতৰ প্ৰতি ১৪০খন দেশে সদিচ্ছা প্ৰকাশ কৰিছে। পাক সেনাৰ বিৰুদ্ধে BSFয়েও সমান্তৰালকৈ প্ৰত্যুত্তৰ দিছিল। আমাৰ সকলো এয়াৰবেচ কাৰ্যক্ষম হৈ আছে। ভাৰতীয় নৌ সেনা শক্তিশালী আৰু সক্ৰিয়। আৰৱ সাগৰত তীক্ষ্ণ নজৰ ৰাখিছিল ভাৰতীয় নৌ সেনাই। কোনো সন্দেহজনক যুদ্ধ বিমানক প্ৰৱেশ কৰিব দিয়া নাছিল। ভাৰতীয় বায়ুসেনাৰ সকলো মাৰণাস্ত্ৰ সক্ৰিয় হৈ আছে। ভাৰতীয় বায়ুসেনাৰ সকলো এয়াৰফিল্ড সক্ৰিয় হৈ আছে। যিকোনো অপাৰেচনৰ বাবে ভাৰতীয় বায়ুসেনা সাজু।

Post a Comment

Previous Post Next Post