MrJazsohanisharma

বৰপেটা জিলা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অব্যাহত


 

অসমৰ অন্যান্য জিলাৰ দৰে বৰপেটা জিলাতো কলিৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাৰ্য্য চলি আছে। বাতৰি প্ৰেৰণ কৰা সময় পৰ্যন্ত জিলা পৰিষদৰ ১৯টা সমষ্টিৰ ভিতৰত ১০টা সমষ্টিৰ ফলাফল চুড়ান্তভাৱে ঘোষণা কৰা হৈছে। ইয়াৰে ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) ৪টা, ভাৰতীয় জাতীয় কংগ্ৰেছে এ ২ টা আই ইউ ডি এফে ২ টা আৰু অসম গণ পৰিষদে ২টা সমষ্টিত বিজয়ী হৈছে।


ভোট গণনা প্ৰক্ৰিয়াৰ লগে লগে চহৰখনত আৱৰ্জনাৰ সমস্যাৰ সৃষ্টি হৈছে। গণনা কেন্দ্ৰলৈ অহা লোকসকলৰ দ্বাৰা প্লাষ্টিকৰ বটল, খাদ্যৰ পেকেট আদি পেলোৱা হৈছে, যাৰ ফলত বৰপেটা চহৰৰ বিভিন্ন অঞ্চল আৱৰ্জনাময় হৈ পৰিছে।

ইয়াৰোপৰি, বিদ্যাপীঠ খেল পথাৰত স্কুল কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ বহুতে অস্থায়ী দোকান দিছে, যিয়ে স্থানীয় নাগৰিকৰ অসন্তোষৰ কাৰণ হৈছে। স্থানীয় লোকসকলৰ মতে, নিৰ্বাচনৰ নামত চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অৱনতি ঘটিছে। সিহঁতে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দ্ৰুত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

সামগ্ৰিকভাৱে, ভোট গণনাৰ লগে লগে বৰপেটা চহৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু অনিয়ন্ত্ৰিত বজাৰৰ সমস্যাই নাগৰিক জীৱনত অসুবিধাৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ পৰা দ্ৰুত হস্তক্ষেপৰ প্ৰত্যাশা কৰা হৈছে।

Post a Comment

Previous Post Next Post