ভাৰতে যেতিয়া পাকিস্তানৰ ৯টা বিমানঘাটিত একেলগে আক্ৰমণ চলাইছিল, তেতিয়া পাকিস্তানে কিয় প্ৰত্যুত্তৰ দিব পৰা নাছিল? এই প্ৰশ্ন নিশ্চয় এবাৰ আপোনাৰ মনলৈও আহিছে। এতিয়া সূত্ৰ অনুসৰি ভাৰতীয় বায়ুসেনাই চীনে যোগান ধৰা পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম জাম কৰি পেলাইছিল। ইয়াৰ পিছত কেইমিনিটমানৰ ভিতৰতে ভাৰতীয় বায়ুসেনাই পাকিস্তানত যি ধ্বংসলীলা চলালে, সেয়া পাকিস্তানে কেতিয়াও কল্পনাও কৰা নাছিল। এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতৰ সৈতে তিনিদিনীয়া সংঘাতত পাকিস্তানৰ বায়ুসেনাৰ ২০ শতাংশ আন্তঃগাঁথনি ধ্বংস হয়। ৯ আৰু ১০ মে’ত অপাৰেচন সিন্দূৰৰ অধীনত ভাৰতে পাকিস্তানৰ ৯টা বিমান ঘাটিত মাত্ৰ ২৩ মিনিটতে আক্ৰমণ চলায়।
চীনৰ নিজৰ এয়াৰ ডিফেন্স ছিষ্টেমক খুব গৌৰৱ আছিল। এই কাৰণেই তেওঁলোকে প্ৰথমে এই বিশেষ প্ৰযুক্তি নিজৰ প্ৰিয় বন্ধু পাকিস্তানক বিক্ৰী কৰিছিল। কিন্তু প্রয়োজন হোৱাত এই ছিষ্টেম কোনো কামত নাহিল। ভাৰতীয় সেনাই অতি সহজে প্ৰযুক্তিৰ সহায়ত এই এয়াৰ ডিফেন্স চিষ্টেম জাম কৰি পেলালে। পাকিস্তানী সেনাৰ কোনো ধাৰণা নাছিল যে তেওঁলোকৰ এয়াৰ ডিফেন্স চিষ্টেম জাম হৈ আছে আৰু সেই মুহূৰ্তত কাম কৰা নাই। ইয়াৰ মাজতে ভাৰতৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰই আছিম মুনিৰৰ অহংকাৰ দৰ্পচূৰ্ণ কৰে। মুঠ ৯টা বিমানঘাটি ইমানেই ক্ষতিগ্ৰস্ত হয় যে পাকিস্তানী সেনা পিছদিনাই আত্মসমৰ্পণ কৰে। পাকিস্তানৰ ডিজিএমঅ’ই ভাৰতৰ সৈতে যোগাযোগ কৰে আৰু যুদ্ধবিৰতিৰ বাবে অনুৰোধ কৰে।
যি সময়ত সীমান্তত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ চলি আছিল তেতিয়া ইছৰোৱেও ভাৰতীয় সেনাৰ সৈতে কান্ধত কান্ধ মিলাই পাকিস্তানৰ মুখবন্ধ কৰাত লাগি পৰিছিল। ১১ মে’ত এক অনুষ্ঠানত ভাষণ দি ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে দেশৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰণনীতিক উদ্দেশ্যৰে কমেও ১০টা উপগ্ৰহই ধাৰাবাহিকভাৱে ২৪ ঘণ্টাই ভাৰতীয় ভাৰতীয় সেনাৰ সৈতে মিলি কাম কৰিছিল। দেশৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰই নিজৰ উপগ্ৰহৰ জৰিয়তে সেৱা আগবঢ়াব লাগিব। ইয়াৰ জৰিয়তে ৭ হাজাৰ কিলোমিটাৰ উপকূলীয় অঞ্চল নিৰীক্ষণ কৰিব লাগিব। সমগ্ৰ উত্তৰ অংশ অহৰহ নিৰীক্ষণ কৰিব লাগিব। উপগ্ৰহ আৰু ড্ৰোন প্ৰযুক্তি অবিহনে দেশে এইখিনি লাভ কৰিব নোৱাৰে।