Akash Missile : আকাশ মিছাইল নিৰ্মাণৰ আঁৰত থকা সেই ভাৰতীয়জনৰ কথা আপুনি জানেনে?


 

ঢাল হিচাপে থাকি ভাৰতক প্ৰতিটো ফালৰ পৰাই ক্ষেপণাস্ত্ৰ আকাশে দিলে সুৰক্ষা। কিন্তু এই আকাশ মিছাইল নিৰ্মাণৰ আঁৰত থকা সেই ভাৰতীয়জনৰ কথা আপুনি জানেনে? জানো আহক ভাৰতৰ ৰক্ষক হিচাপে বিশ্বৰ আগত আকাশক চিনাকি কৰাই দিয়া লোকজনৰ বিষয়ে। কৰ্ণাটকৰ ড০ প্ৰহ্লাদ ৰামাৰাও। DRDOৰ বিজ্ঞানী ড০ প্ৰহ্লাদ ৰামাৰাও। ইঞ্জিনিয়াৰিং কৰি তেওঁ প্ৰথমে কৰ্মৰত আছিল BELত। কিন্তু BELত কৰ্মৰত হৈ থাকোতেই মাকে তেওঁক অধিক পঢ়া-শুনাৰ বাবে IISc Bangaloreলৈ পঠিয়াই দিলে। তাত পঢ়ি থাকোঁতেই তেওঁলৈ তিৰুৱনন্তপুৰমৰ VSSCৰ পৰা আহিছিল চাকৰিৰ অফাৰ।


তাৰ পাছতে তেওঁলৈ হায়দৰাবাদৰ পৰা আহিছিল DRDLৰ চিঠি। DRDLত চাকৰিৰ কৰিবলৈ সুযোগ পাইছিল ড০ প্ৰহ্লাদ ৰামাৰাৱে। সেয়াই আছিল টাৰ্ণিং পইণ্ট। DRDOৰ মিছাইল প্ৰগ্ৰেম লেবৰ চিঠি পোৱাৰ পাছতে তেওঁ ৰাওনা হয় হয়দৰাবাদলৈ। যোগ দিয়ে চাকৰিত। তাতেই তেওঁৰ জীৱন যাত্ৰাত লগ পাইছিল ড০ এ পি জে আব্দুল কালামক। কালাম হৈ পৰিল ড০ প্ৰহ্লাদৰ আজীৱন গুৰু আৰু বন্ধু। ১৯৭০ চনৰ শেষৰ ফালে ১৯৮০ চনৰ আৰম্ভণিতে DRDLৰ বিজ্ঞানীসকলে ড° কালামৰ অধীনত ভাৰতৰ মিছাইল নিৰ্মাণৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ বদ্ধপৰিকৰ হয়।

ড° কালামে ভাৰতৰ শতাধিক বিশ্ববিদ্যালয়ৰ শিক্ষকক চিনি পাইছিল। তেওঁ জানিছিল যে কোনগৰাকী পদাৰ্থবিজ্ঞানী কোনটো কামৰ বাবে সৰ্বোত্তম হ’ব। সেই অনুসৰি তেওঁ এটা দল গঢ়ি তুলিছিল। কালামে বিমান, মহাকাশ প্রযুক্তি, পাৰমাণৱিক শক্তি আৰু অন্যান্য বিষয়েও জানিছিল। গতিকে দৃঢ়প্ৰতিজ্ঞ ড০ কালামে ৫টা ক্ষেপণাস্ত্ৰৰ পৰিকল্পনা ভাৰতীয় কৰ্তৃপক্ষৰ আগত দাঙি ধৰিলে। DRDLএ সন্দেহ কৰিছিল যে অন্ততঃ ১-২ পৰিকল্পনাইহে অনুমোদন পাব। গতিকে ৫ টাই উপস্থাপন কৰা যাওক। কাৰণ এয়া আছিল অতিকৈ ব্যয়বহুল কাম।

সেই সময়ত প্ৰগ্ৰেমৰ খৰচ প্ৰায় ১০ৰ পৰা ২০ কোটি টকা আছিল। ৫টা ক্ষেপণাস্ত্ৰৰ বাবে চৰকাৰৰ পৰা ৩০০ কোটি টকা দাবী কৰিছিল DRDLএ। সেই ৫টা ক্ষেপণাস্ত্ৰ আছিল অগ্নি, পৃথিৱী, আকাশ, ত্ৰিশুল আৰু নাগ। তিনিও সেনাই যিকোনো ঠাইৰ পৰা ব্যৱহাৰ কৰিব পৰাটোৱেই আছিল এই মিছাইল প্ৰগ্ৰেমৰ উদ্দেশ্য। সকলোকে আচৰিত কৰি কেন্দ্ৰীয় চৰকাৰে ১৯৮৩ চনত পাঁচোটা প্ৰগ্ৰেমতে অনুমোদন জনায়। আবণ্টন দিয়ে ৩০০ কোটি টকা। এতিয়া প্ৰশ্ন হৈছে য’ত DRDOই মাত্ৰ ১ৰ পৰা ২টা প্ৰগ্ৰেমকহে অনুমোদন জনাব বুলি সন্দেহ কৰিছিল তেনে ক্ষেত্ৰত পাঁচোটা প্ৰগ্ৰেমেই কেনেকৈ অনুমোদন পালে? সেই শ্ৰেয়ও যায় কেৱল ২ জন ব্যক্তিলৈ। আৰ ভেংকটৰমন। তেওঁ আছিল তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী। এই প্ৰগ্ৰেমৰ গুৰুত্ব তেওঁ ভালদৰে জানিছিল। যিয়ে এই অনুমোদনত বিশেষ অৰিহণা যোগাইছিল।


দ্বিতীয়জন ব্যক্তি হৈছে ভি এছ আৰ অৰুণাচলম। তেওঁ এজন বিজ্ঞানীও আছিল লগতে প্ৰতিৰক্ষা মন্ত্ৰী ভেংকটৰমনৰ বৈজ্ঞানিক উপদেষ্টা আছিল। কালামে যেনেকৈ কথাখিনি অৰুণাচলমৰ আগত উপস্থাপন কৰিছিল, একেই তীব্ৰতাৰে অৰুণাচলমে কথাখিনি উপস্থাপন কৰিছিল ভেংকটৰমনৰ আগত। তাৰ পাছতেই প্ৰজেক্টে অনুমোদন পালে। ড০ কালামে বাছি ল’লে ড০ প্ৰহ্লাদক। ৩০ বছৰীয়া যুৱ বিজ্ঞানী ড০ প্ৰহ্লাদ হৈ পৰিল আকাশ ক্ষেপণাস্ত্ৰ প্ৰকল্পৰ মুৰব্বী। আকাশ প্ৰকল্পই ৩০০ কোটি টকাৰ বাজেটৰ আধা টকা। ড° কালামে তেওঁক আশ্বস্ত কৰে যে আকাশৰ জটিলতা আৰু ইয়াৰ পৰা উচ্চ আশাৰ প্ৰতি লক্ষ্য ৰাখি DRDLএ ইয়াৰ বাবে ১৫ বছৰ বিনিয়োগ কৰিবলৈ সাজু। এতিয়া আমি সকলোৱে জানো যে পৃথিৱী, অগ্নি ছিৰিজৰ ফলাফল কেনেকুৱা। ভাৰত এই মিছাইলবোৰৰ জৰিয়তে হৈ পৰিল মহাশক্তিধৰ। অগ্নি ছিৰিজ ষষ্ঠ সংস্কৰণলৈয়ো উন্নীত হয় পৰৱৰ্তী সময়ত। কিন্তু, আকাশ আছিল বেলেগ খেলৰ খেলুৱৈ। ইয়াৰ বাবে সময়ৰ প্ৰয়োজন আছিল। ই আছিল ইন্টাৰচেপচনৰ দ্বাৰা ডিফেঞ্চৰ বাবে।আকাশ মিছাইল ব্যৱস্থাত DRDOৰ দ্বাৰা নিৰ্মিত ৰাজেন্দ্ৰ ৰাডাৰো আছে। 


এই ৰাডাৰে নিক্ষেপ কৰা শত্ৰুৰ গোলা, অন্যান্য আকাশী লক্ষ্য ধৰা পেলায় আৰু আকাশ মিছাইলৰ দ্বাৰা আক্ৰমণ কৰে।আকাশে ৪টা লঞ্চাৰৰ বেটাৰী পাইছিল আৰু প্ৰতিটো লঞ্চাৰত ৩টা মিছাইল আছিল। এটা ৰাজেন্দ্ৰই একেলগে ৮টা মিছাইলক গাইড কৰিব পাৰে। ১৯৯০ চনৰ পৰা ট্ৰায়েল আৰম্ভ হৈছিল। ২০০৫ চনত আকাশে দুটা দ্ৰুত গতিৰ লক্ষ্যক বাধা দিছিল। ২০২৩ চনত ই ৪টা লক্ষ্যক বাধা দিছিল। পৰিৱৰ্তিত সময় আৰু চাহিদালৈ লক্ষ্য কৰি পৰৱৰ্তী সময়ত ইয়াৰ উন্নীত ভিন্নতাও নিৰ্মাণ কৰা হয়। আকাশৰ ভিন্নতাসমূহ হৈছে Akash 1s, Akash New Gen আৰু Akash Prime। অধিক পেলোড, অধিক ৰেঞ্জ, অধিক সঠিকতাৰে এইসমূহ উন্নয়ন কৰা হয় আকাশত। ভাৰতৰ অন্যান্য ব্যৱস্থাৰ লগতে আকাশে শত্ৰুৰ আক্ৰমণ কেনেকৈ নিষ্ক্ৰিয় কৰিলে আমি জানো। ইয়াৰ বাবে DRDO আৰু ড০ প্ৰহ্লাদৰ দৰে ব্যক্তিলৈ থাকিব আজীৱন কৃতক্ষতা।

Post a Comment

Previous Post Next Post