পাকিস্তান ধ্বংসৰ নটিফিকেচন জাৰি কৰিলে ভাৰত চৰকাৰে। চৰকাৰে পাকল দুল জলবিদ্যুৎ প্ৰকল্প (পিডিপি) শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে এক অধিসূচনা জাৰি কৰিছে। পাকিস্তানৰ দিশে যোৱা প্ৰতিটো টোপাল পানী বন্ধ কৰাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পাকল দুল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰকল্প কাৰণ ই পাকিস্তানলৈ বৈ যোৱা পশ্চিমী নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমটো বান্ধ। এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ ওখ বান্ধ। অহা বছৰ ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এই কাম কৰিলেই পাকিস্তানৰ সিন্ধ আৰু পঞ্জাৱ অঞ্চলত দুৰ্ভিক্ষৰ সৃষ্টি হোৱাটো নিশ্চিত।
প্ৰথমে জানো আহক কি এই প্ৰকল্প? জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ চেনাব নদীৰ উপনৈ মাৰুছুদৰ নদীৰ ওপৰত পাকল দুল জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে। এয়া এক ৰান-অফ-ৰিভাৰ আঁচনি য’ত পানী জমা কৰাৰ ক্ষমতাও আছে। ইয়াৰ উদ্দেশ্য হৈছে বিদ্যুৎ উৎপাদনৰ লগতে জম্মু-কাশ্মীৰ অঞ্চলৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰা। কিন্তু পাকিস্তানৰ সৈতে হোৱা উত্তেজনাৰ পিছত এতিয়া ইয়াৰ উদ্দেশ্য সলনি হৈছে। এই বান্ধ প্ৰায় ১৬৭ মিটাৰ উচ্চতাৰ হ’ব আৰু সম্পূৰ্ণৰূপে কংক্ৰিটৰ ফেচ ৰকফিলৰ দ্বাৰা নিৰ্মিত হ’ব।
এই প্ৰকল্পৰ গুৰুত্বপূৰ্ণ তথ্য
১. ২০১৮ চনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল এই প্ৰকল্পত।সেই বছৰতে কামো আৰম্ভ হৈছিল। কিন্তু পাহাৰীয়া অঞ্চলটোত সুৰংগ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতে লকডাউন আৰম্ভ হয়, যাৰ ফলত সমস্যাৰ সৃষ্টি হয়।
২/ এই প্ৰকল্পটো এতিয়া কেইমাহমানৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। আচলতে এই প্ৰকল্পৰ জৰিয়তে ১০০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব, যাৰ ফলত জম্মু-কাশ্মীৰৰ জনসাধাৰণ উপকৃত হ’ব। কিন্তু এতিয়া উদ্দেশ্য বেলেগ।
৩) বিশেষজ্ঞসকলৰ মতে, ইয়াত যদি ইমান ওখ বান্ধ নিৰ্মাণ কৰা হয়, তেন্তে এই নদীত পানী জমা কৰাৰ ক্ষমতা প্ৰায় ১০৮ মিলিয়ন ঘনমিটাৰ হ’ব। ইয়াত ৮৬ মিলিয়ন ঘনমিটাৰ পানী লাইভ ষ্ট’ৰ কৰিব পৰা যাব।
পাকিস্তানৰ ওপৰত কি প্ৰভাৱ পৰিব?
পাকিস্তান চেনাব নদীৰ পানীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। তেওঁলোকে এই প্ৰকল্পক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে, কিন্তু এতিয়া ভাৰতে সিদ্ধান্ত লৈছে যে ভাৰতে ইয়াক নিৰ্মাণ কৰিহে এৰিব। পাকিস্তানৰ ৮০% কৃষি সিন্ধু নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল। পাকিস্তানে আশংকা কৰিছে যে যদি ভাৰতে এই পানী দীৰ্ঘ সময়ৰ বাবে বন্ধ কৰি দিয়ে তেন্তে শীতকালত পানীৰ নাটনি হ’ব আৰু ফলত বীজ সিঁচা সম্ভৱ নহ’ব। আন এটা কথা হ’ল, ভাৰতে যদি শীতকালত পানী জমা কৰি গৰমত এৰি দিয়ে তেন্তে পাকিস্তানৰ শস্য নষ্ট হ’ব।