কেৱল মক ড্ৰিলেই নহয়, বুধবাৰৰ পৰাই পাকিস্তান সীমান্তত শক্তি দেখুৱাব ভাৰতে

 


পাক সীমান্তত এইবাৰ বায়ুসেনাৰ বৃহৎ অনুশীলন আৰম্ভ কৰিছে ভাৰতে। সূত্ৰ অনুসৰি, কাইলৈৰ পৰা এই অনুশীলন দুদিন ধৰি চলিব।

এই অনুশীলন আৰম্ভ কৰাৰ বাবে বায়ুসেনাক NOTAM সতৰ্কতা জাৰি কৰা হৈছে। NOTAMৰ অৰ্থ হৈছে নটিচ টু এয়াৰ মেন। ৭ আৰু ৮ মে’ত মূলতঃ ৰাজস্থানত নিয়ন্ত্ৰণৰেখাৰ সমীপত এই অনুশীলন চলোৱা হ’ব বুলি জানিব পৰা গৈছে। বায়ুসেনাৰ দক্ষিণ পশ্চিম এয়াৰ কমাণ্ডৰ অধীনত পৰে এই অঞ্চল।

বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সৈন্যই অপ্ৰৰোচিতভাৱে গুলীচালনা কৰি আহিছে। ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘা কৰি আছে। অৱশ্যে ভাৰতীয় সেনায়ো পাকিস্তানী সেনাক উপযুক্ত উত্তৰ দিছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাইলৈ ​​দেশৰ ২৪৪টা স্থানত যুদ্ধ প্ৰস্তুতিৰ মক ড্ৰিল বা বিশেষ অনুশীলনৰ নিৰ্দেশ জাৰি কৰিছে। এফালে দেশৰ ভিতৰৰ সাধাৰণ ৰাইজ যেনেকৈ জৰুৰীকালীন অৱস্থাৰ বাবে সাজু হৈছে, ভাৰতে এতিয়া সীমান্তত দেখুৱাবলৈ আৰম্ভ কৰিছে পৰাক্ৰম। যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই, তথাপিও এই সকলোবোৰ পদক্ষেপক পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ প্ৰস্তুতি হিচাপে ধাৰণা কৰা হৈছে। বিগত কেইটামান দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ধাৰাবাহিকভাৱে জৰুৰী বৈঠকত মিলিত হৈছে, কেতিয়াবা তিনিও সেনাৰ মুৰব্বীৰ সৈতে, কেতিয়াবা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে মিলিত হৈছে বৈঠকত। ধাৰণা কৰা হৈছে, প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পন্ন কৰি চূড়ান্ত পদক্ষেপৰ বাবে আখৰা চলাইছে কেন্দ্ৰীয় চৰকাৰে।

Post a Comment

Previous Post Next Post