কাইলৈ হঠাৎ বাজি উঠিব যুদ্ধৰ ছাইৰেন। মনত ৰাখিব, যদি ছাইৰেন বাজি উঠে, তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই। এয়া কোনো জৰুৰীকালীন পৰিস্থিতি নহয়, বৰং এক মক ড্ৰিল অৰ্থাৎ যুদ্ধৰ দৰে পৰিস্থিতিৰ প্ৰস্তুতিৰ আখৰা। ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনাৰ মাজতে ৰাজ্যসমূহক ৭ মে’ত এই মক ড্ৰিলৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
এই উপলক্ষে এক ‘যুদ্ধৰ ছাইৰেন’ বাজিব, যাতে মানুহক ক’ব পাৰি যে যুদ্ধ বা আকাশী আক্ৰমণৰ দৰে পৰিস্থিতিত কি কৰিব লাগে। ১৯৭১ৰ যুদ্ধৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে মক ড্ৰিলৰ নিৰ্দেশ দিছে। সেয়ে এই সম্পৰ্কে আপুনি কিছুমান কথা জনাটো প্ৰয়োজন। কি কৰিব এয়াৰ ৰেইড ছাইৰেন বাজিলে?
এয়াৰ ৰেইড ছাইৰেণ বাজিলে কি কৰিব?
১. সকলো কাম বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল’ব।
২. ঘৰৰ দুৱাৰ-খিৰিকি বন্ধ কৰক আৰু পৰ্দা টানি দিয়ক।
৩. সকলো লাইট বন্ধ কৰিব, বৈদ্যুতিক সামগ্ৰীৰ ছুইছ অফ কৰিব।
৪. চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব।
৫. শান্ত হৈ থাকিব, আন সকলকো শান্ত ৰাখিব, আতংকিত নহ’ব।
৬. বাংকাৰ, দৃঢ় দেৱাল বা খুঁটাৰ কাষত থাকিব।
৭. গাড়ী চলাই থাকিলে গাড়খন বাটৰ কাষত ৰখাই ল’ব ইঞ্জিন বন্ধ কৰি দুৱাৰ-খিৰিকি বন্ধ ৰাখিব।
৮. খিৰিকীৰ কাষত নাথাকিব।
৯. মুকলি স্থানত থাকিলে মাটিত শুই দিব আৰু নিজৰ মূৰটো হাতেৰে আৱৰি ৰাখিব।
১০. বিপদত পৰা যিকোনো লোকক সহায় কৰিব।
১১. ছাইৰেণ বন্ধ হোৱাৰ পিছত কেৱল চৰকাৰী কৰ্তৃপক্ষৰ ভাষ্যহে মানি চলিব।