ৰাজ্যৰ ভিন্ন প্ৰান্তত ব’হাগৰ সংগীতানুষ্ঠান চলি আছে। বিভিন্ন কণ্ঠশিল্পীয়ে স্বকীয় শৈলীৰে পৰিৱেশন কৰিছে গীত। ব’হাগৰ সন্ধিয়া আকৌ অসমবাসীক অতীতলৈ উভতাই নিলে এটি পুৰণি যুটিয়ে। মঞ্চত পুনৰ পুৰণি যুটি। আকৌ এবাৰ জুবিন-জুবলীৰ যুগলবন্দী।
এক দীঘলীয়া সময় অসমৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰিছিল এই যুগলবন্দীয়ে। এইবেলি ব’হাগতো যেন আকৌ উলটি আহিল পুৰণি সুৰ। দুয়ো কণ্ঠশিল্পীয়ে সুকীয়াকৈয়ে বিভিন্ন মঞ্চত পৰিৱেশন কৰি আহিছে গীত। উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰৰ বিহু মঞ্চত যেন ৰাইজক পুৰণি দিনৰ মিঠা সোৱাদ দিলে জুবিন-জুবলীয়ে।
এটাৰ পাছত এটা ছুপাৰহিট গাই গ’ল জুবিন-জুবলীয়ে। মঞ্চত সংগীতৰ জ্যোতি বিলাই ২ সংগীত তাৰকাই আমোদ দিলে উপস্থিত অজস্ৰজনক। কিন্তু মঞ্চত জুবলী থাকিলে জানো জুবিন গাৰ্গে ধেমালি নকৰাকৈ পাৰে? ব্যতিক্ৰম এইবাৰো নহ’ল। মঞ্চতে জুবিনৰ জুবলীক উদ্দেশ্যি টিপ্পনী। উদীয়মান শিল্পী বুলি ধেমালি কৰি মঞ্চলৈ জুবলীক আমন্ত্ৰণ জুবিন গাৰ্গৰ। জুবিনে ক’লে, ‘‘মই ছোৱালীজনীৰ প্ৰ’মোচন কৰি দিছোঁ। ভালেই গায়। প্ৰেকটিছ কৰি আছে।’’
জুবিনৰ ৰসিকতাক সাদৰেৰে গ্ৰহণ কৰি জুবলী বৰুৱা উঠি আহিল মঞ্চলৈ। প্ৰকৃততে জুবিন গাৰ্গৰ অনুষ্ঠানৰ পাছতে একে স্থানতে অনুষ্ঠান আছিল জুবলী বৰুৱাৰ। গতিকে পুৰণি সতীৰ্থক চোঁ ঘৰত থকাৰ খবৰ পাই জুবিন গাৰ্গেয়ো অতীত ৰোমন্থন কৰিবলৈ হেলা নকৰিলে। সেয়ে মঞ্চলৈ আমন্ত্ৰণ জনালে নিজা ধৰণেৰে জুবলী বৰুৱাক।
সচৰাচৰ বিহুত দেখা জুবিনতকৈ এইবেলি জুবিন গাৰ্গ যেন কিছু পৃথক। সাৱলীল অনুষ্ঠানৰ বাবে মঞ্চতে জুবলীয়ে ধন্যবাদ জনালে জুবিন গাৰ্গক। জুবিনেও ক’লে ফিল্ম অভি ভী বাকী হ্যে। জুবলী বৰুৱাৰ ৰাইজক উদ্দেশ্যি ক’লে কিন্তু এইখন চিনেমা বহুত বেছি ভাল হৈছে।