‘‘গাড়ীখন নিবলৈ ভয় লগা হৈছে, বানপানীৰ বাবে গাড়ীখন নিব নোৱাৰা হৈছো। ৰাতিপুৱা এজাক বৰষুণতে যাব নোৱাৰা অৱস্থা।’’ এয়া এজন মহানাগৰিকৰ ভাষ্য। হাতত ছাতিটো লৈ দৌৰা-দৌৰিকৈ ফুটপাথেৰে কাৰ্যালয়লৈ যাব অহা এজন লোকক লগ পালে আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াই। কৃত্ৰিম বানৰ খবৰৰ সম্প্ৰচাৰৰ কৰি থকাৰ সময়তে লোকজনৰ মন্তব্য লওঁতে লোকেজনে কৈ পেলালে গুৱাহাটীবাসীৰ দুৰ্দশা জীয়া ছবিৰ কথা। লোকজনে আৰু ক’লে ইয়াতকৈ যদি আৰু বেছি বৰষুণ দিয়ে কি হ’ব গুৱাহাটীৰ পৰিস্থিতি।
ব’হাগৰ বৰষুণ, ব’হাগতে বান। পুনৰ এজাক বৰষুণতে ওলাই পৰিল গুৱাহাটীৰ বিধ্বস্ত ৰূপ। সোমবাৰৰ পুৱাৰ অহা এজাক বৰষুণ পিছতে গুৱাহাটীৰ ভিন্ন প্ৰান্তত সৃষ্টি কৃত্ৰিম বান। আকৌ এজাক বৰষুণতে দুৰ্দশা ভুগিবলগীয়া হৈছে স্মাৰ্ট চিটীৰ নাগৰিকে। বাৰিষালৈ এতিয়াও বহুদিন, কিন্তু তাৰ পূৰ্বে যেন বিলৈ বিপত্তি নোহোৱা হৈছে গুৱাহাটীবাসীৰ ৰাইজৰ।
পুনৰ এজাক বৰষুণতে হাহাকাৰ লাগিল গুৱাহাটীবাসীৰ। গুৱাহাটীৰ বেলতলাৰ ৱাৰলেছ, অনিল নগৰ, নবীন নগৰ, বি বৰুৱা পথ, চানমাৰি, হাতীগাঁওকে ধৰি ভিন্নস্থানত একাঠু পৰ্যন্ত পানী। কৃত্ৰিম বানত হাহাকাৰ লাগিল শিক্ষাৰ্থীকে ধৰি কৰ্মস্থলীলৈ যাবলগীয়া লোকৰ। গুৱাহাটীৰ ৰাজপথত একাঠু পৰ্যন্ত পানী। পানী ফালিয়েই পাৰ হৈ গৈছে ইখনৰ পিছতে সিখন বাহন। কৃত্ৰিম বানৰ ফলত বেলতলা ছাৰ্ভে ৰাজপথত বিকল হৈ পৰিলে অটোৰিক্সা।