সোমবাৰে যোৰহাটৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত উদযাপন কৰা হয় সাত বিহু। এই সাত বিহুৰ মঞ্চৰ পৰাই আহ্বান জনোৱাৰ পিছত অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত বিহুৱে স্থান লাভ কৰিছিল। অসমৰ জাতীয় উৎসৱটোৰ স্বকীয়তা অটুত ৰাখিবলৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমতো বিহু বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ সাত বিহুৰ মঞ্চৰ পৰা পুনৰ আহ্বান জনাইছে উদ্যোক্তাসকলে।
সকলো জনগোষ্ঠীৰ সমন্বয়েৰে যোৰহাটৰ মহবন্ধাস্থিত স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আহিছে সাত বিহু। এইবাৰো সদৌ অসম সাত বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ সহযোগত বৰ্ণাধ্য কাৰ্যসূচীৰে সোমবাৰে অনুষ্ঠিত হয় সাত বিহু। বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ অংশ গ্ৰহণেৰে বিহু মৰা হয় সমন্বয় ক্ষেত্ৰৰ প্ৰাংগনত। বিহু পৰিৱেশনৰ লগতে কণী যুঁজ প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা , সাতবিহু কুইজ প্ৰতিযোগিতাৰ দৰে অনুষ্ঠানে সকলোকে আকৰ্ষিত কৰে। ইয়াৰ পিছত অনুষ্ঠিত মুকলি সভাত বিহু সন্দৰ্ভত বিশেষজ্ঞসকলৰ মনোগ্ৰাহী বক্তব্যৰ পৰা বিহুৰ বিষয়ে বহুখিনি তথ্য জানিব পৰা যায় । এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ডঃ পল্লৱী ডেকা বুজৰবৰুৱা উপস্থিত থাকে।
সাত বিহু উদযাপন সমিতিৰ সভাপতি কমলজ্যোতি গগৈয়ে জানিবলৈ দিয়ে যে ইতিমধ্যে বিদ্যালয়ৰ পাঠ্যক্ৰমত বিহু বিষয়টো সন্নিৱিষ্ট হোৱাৰ আৰম্ভণি সাত বিহু উদযাপনস্থলীৰ পৰাই হৈছিল । আৰু ইয়াৰ পিছতে কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলৰ মাজত বিহুক লৈ আকৰ্ষণ বৃদ্ধি পাইছে। এতিয়া বিহু বিষয়টো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি অসমৰ জাতীয় উৎসৱটিৰ স্বকীয়তা অধিক মজবুত কৰি তুলিবলৈ আহ্বান জনাইছে সাতবিহু উদযাপন সমিতিয়ে । ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই এই সন্দৰ্ভত বিষয়টো আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলি জানিবলৈ দিয়ে কমলজ্যোতি গগৈয়ে। সাত বিহু অনুষ্ঠানত বহু লোকে অংশগ্ৰহণ কৰে । উল্লেখ্য এই অনুষ্ঠানে বিহুৰ ক্ষেত্ৰখনত ন ন চিন্তাৰ উদ্ৰেক ঘটাই আহিছে ।