যোৰহাট নগৰৰ চন্দন নগৰত এদল যুৱকৰ মাজত হোৱা কাজিয়াৰ পৰিণতিত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে নিশা যোৰহাটৰ চন্দন নগৰত এদল যুৱকে মাৰপিট কৰিছিল বেদাংগ ভূষণ বৰুৱা নামৰ যুৱকজনক। বিহুৰ অনুষ্ঠান চাবলৈ গৈ এনেদৰে কাজিয়াৰ মাজত সোমাই পৰি গুৰুতৰভাৱে আহত হৈছিল যুৱকজন। এই আক্ৰমণত মূৰত গুৰুতৰ আঘাত পোৱা যুৱকজনক যোৰহাটৰ মিছন হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাত মঙলবাৰে পুৱা মৃত্যু হয় যুৱকজনৰ।
উক্ত অঞ্চলৰে নিচাসক্ত এটা যুৱকৰ দলে বেদাংগক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। ঘটনাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে চাৰিজন অভিযুক্তক আটক কৰিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি যোৰহাট নগৰৰ চন্দন নগৰ অঞ্চলটো ড্ৰাগছৰ এটা অন্যতম ঘাটিলৈ পৰিণত হোৱাৰ লগতে এচাম উদণ্ড যুৱকে পৰিৱেশ বিনষ্ট কৰি আহিছে অঞ্চলটোত। এই ক্ষেত্ৰত যোৰহাটৰ আৰক্ষী আৰু জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।