‘সামৰিক সমাধান কোনো সমাধান নহয়’। মীমাংসা অবিহনেই সমাপ্ত ৰাষ্ট্ৰসংঘৰ বৈঠক। নিৰাপত্তা পৰিষদৰ ডেৰ ঘণ্টাযোৰা বৈঠকত শূন্য সমাধান। ভাৰত-পাকক আহ্বান জনায়েই সমাপ্ত বৈঠক। পেহেলগাম কাণ্ডক লৈ বিশ্বত চলি আছে। অধিকাংশ দেশে ভাৰতক সমৰ্থন জনোৱাৰ বিপৰীতে একাংশ দেশে সমৰ্থন দিছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানক। ভাৰত পাকিস্তানৰ শেহতীয়া সংঘাতক কেন্দ্ৰ কৰি সোমবাৰে ৰাষ্ট্ৰসংঘত অনুষ্ঠিত হ’ল বৈঠক। ভাৰতৰ বিৰুদ্ধে একাধিক আঁভুৱা ভৰা অভিযোগ লৈ নিৰাপত্তা পৰিষদৰ দ্বাৰস্থ হৈছিল পাকিস্তান। কপটীয়া পাকিস্তানৰ কপটালি বিশ্বই নুবুজা নহয়। ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰি পাকিস্তানে ব্যৱহাৰ কৰিছিল নিৰাপত্তা পৰিষদৰ মঞ্চ। কিন্তু উত্থাপিত অভিযোগৰ তীক্ষ্ণ প্ৰত্যুত্তৰৰ অন্তত ব্যৰ্থ পাকিস্তানৰ অভিসন্ধি। অৱশ্যে কোনো সমাধান অবিহনেই অন্ত পৰিল বৈঠকৰ।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুৱেট্ৰেছেৰ আহ্বান দুয়োদেশে ৰক্ষা কৰক সংযম। বন্ধ কৰক দুয়ো দেশৰ সামৰিক তৎপৰতা। ইতিমধ্যে কপট পাকিস্তানৰ ভুৱা অভিযোগক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ৰাষ্ট্ৰসংঘত থকা পাকিস্তানৰ স্থায়ী প্ৰতিনিধি অসীম ইফটিকাৰ আহমেদে ভাৰতৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি নিৰাপত্তা পৰিষদত আলোচনাৰ বাবে প্ৰস্তাৱ দিছিল। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সামৰিক তৎপৰতা, উচটনিমূলক মন্তব্য, প্ৰৰোচিত কাৰ্যকলাপ আদি কেইবাটাও অভিযোগ দাখিল কৰিছিল নিৰাপত্তা পৰিষদত। সিন্ধু জল চুক্তি ভংগ কৰাক ভাৰতৰ আগ্ৰাসন আখ্যা দিছিল নিৰাপত্তা পৰিষদত।সোমবাৰে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত নিৰাপত্তা পৰিষদৰ বৈঠকত পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ লগতে ১০খন অস্থায়ী সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ভাগ লয়। মে’ মাহৰ কাউঞ্চিলৰ সভাপতি হিচাপে গ্ৰীচৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক। বিয়লি ৰূদ্ধদ্বাৰ বৈঠকৰ পাছতো নোলাল কোনো সমাধান সূত্ৰ। সচৰাচৰ ৰাষ্ট্ৰসংঘৰ ঘূৰণীয়া মেজমেলৰ পৰিৱৰ্তে বৈঠক অনুষ্ঠিত হৈছিল কাষৰ এটা কোঠাত।পাক প্ৰতিনিধিয়ে ক’লে, যি উদ্দেশ্যেৰে বৈঠকত বহা হৈছে সেয়া সফল হৈছে। আলোচনা হ’ল জম্মু কাশ্মীৰৰ প্ৰসংগ। পাছে আন এক সুত্ৰৰ দাবী, নিৰাপত্তা পৰিষদৰ বৈঠকত তীব্ৰ প্ৰশ্নবাণৰ সন্মুখীন পাকিস্তান। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পাকিস্তানক সোধা হ’লপেহেলগাম কাণ্ডৰ সৈতে লস্কৰ-ই-তৈবাৰ কোনো সম্পৰ্ক আছে নেকি?