অধীৰ আগ্ৰহেৰে দৰা অহালৈ বাট চাইছিল কইনাই। দৰাক আদৰিবলৈ সকলো সাজু। দৰাও ঘৰৰ পৰা ওলাই আহিছিল বৰযাত্ৰীৰ সৈতে। কিন্তু কইনা ঘৰত নোসোমাই পদূলিমুখৰ পৰা উভতি গ’ল দৰা। এই ঘটনা সংঘটিত হৈছে বিহালীত।
চাৰি বছৰ পূৰ্বেই বিহালীৰ এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক হৈছিল এজন যুৱকৰ। দুবছৰ পূৰ্বে পিন্ধাইছিল আঙঠি। কইনাৰ দেউতাৰক মৃত্যুৰ বাবে পিছুৱাই দিবলগীয়া হৈছিল বিবাহৰ অনুষ্ঠান। তাৰ পিছত দুয়োটা পৰিয়ালৰ সিদ্ধান্তমৰ্মে ঠিক হৈছিল বিয়াখন। কিন্তু বিয়াৰ দিনা দৰাপক্ষ আহি কইনাৰ ঘৰৰ পদূলি পোৱাৰ পিছতে লাগিল খেলিমেলি।
দৰাপক্ষৰ বাবে সকলো আয়োজন কৰিছিল কইনাপক্ষই। নিশা ১১ বজাত লগ্ন আছিল যদিও নিশা ডেৰ বজাত কইনা ঘৰৰ পদূলিত উপস্থিত হৈছিল দৰা। কিন্তু গাড়ীৰ পৰা নামিয়েই নাহিল দৰা। ঢুলীয়া পাৰ্টীয়ে দৰাক আদৰাৰ বাবেই দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ অভিযোগ। কাজিয়া গৈ ইমানেই ভয়ংকৰ ৰূপ ল’লে যে বিয়া নপতাকৈয়ে পদূলিৰ পৰা উভতি গ’ল দৰা।এটা সামান্য কথাতে এইদৰে বিয়া ভংগ কৰা ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। দৰা আৰু দৰাৰ পৰিয়ালবৰ্গই কইনাৰ মাক আৰু ভায়েকক আক্ৰমণ কৰাৰো অভিযোগ উঠিছে। ৰভাতলীৰ পৰা ঘটনা পালেগৈ আৰক্ষী থানা। ঘটনা সন্দৰ্ভত দৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।