দেশৰ কোটি কোটি জনতাৰ ভাবনাৰ প্ৰতিবিম্বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


 

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰক সম্বোধন কৰি পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আমাৰ বীৰ সৈনিকসকলে যি অসীম সাহসিকতা প্ৰদৰ্শন কৰিলে, তেওঁলোকৰ বীৰত্ব, সাহস, পৰাক্ৰমক আমাৰ দেশৰ সকলো মাতৃ, ভগ্নী আৰু কন্যাৰ প্ৰতি সমৰ্পণ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ২২ এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীয়ে যি বৰ্বৰতা দেখুৱাইছিল, অৱসৰৰ সময় কটাই থকা নিৰীহ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰাটো সন্ত্ৰাসবাদীৰ বীভৎসতা, ক্ৰুৰতা আছিল। ব্যক্তিগতভাৱে মোৰ বাবে এই যন্ত্ৰণা বহু ডাঙৰ। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত গোটেই নিশা প্ৰতিজন নাগৰিক, সমাজ, সকলো বৰ্গই একেস্বৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল। আমি সন্ত্ৰাসবাদীক মাটিৰ সৈতে মিহলাই দিয়াৰ বাবে সেনাক দায়িত্ব এৰি দিছিলো। আজি প্ৰতিজন সন্ত্ৰাসবাদী, সন্ত্ৰাসবাদী সংগঠনে গম পাইচে যে আমাৰ ভগ্নী-কন্যাৰ শিৰৰ সেন্দূৰ মচাৰ পৰিণাম কি হ’ব পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, অপাৰেচন সিন্দূৰ এক নাম নহয়, এয়া দেশৰ কোটি কোটি লোকৰ চিন্তাৰ প্ৰতিবিম্ব। অপাৰেচন সিন্দুৰ ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ মাজনিশা আৰু ৭ মে’ৰ পুৱা সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞাক পৰিণামলৈ পৰিণত হোৱা দেখিলে। ভাৰতৰ সেনাই পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত, তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত সঠিক প্ৰহাৰ কৰে। সন্ত্ৰাসবাদীয়ে সপোনতো ভৱা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশ একত্ৰিত হয়, দেশ প্ৰথম ভাৱনাৰে মন ভৰি থাকে, তেতিয়া এনেকুৱা সিদ্ধান্ত লোৱা হয়। পৰিণাম দেখুৱাই দিয়া হয়। যেতিয়া পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতৰ মিছাইলে আক্ৰমণ কৰে, ভাৰতৰ ড্ৰোনে আক্ৰমণ কৰিলে, তেতিয়া সন্ত্ৰাসবাদী সংগঠনৰ ঘৰেই নহয়, তেওঁলোকৰ বুকুও কঁপি উঠিল। বাহাৱালপুৰ আৰু মুৰিডকেৰ দৰে সন্ত্ৰাসবাদীৰ ঠিকনা একপ্ৰকাৰ গ্ল’বেল টেৰ’ৰিজম ইউনিভাৰ্ছিটী। বিশ্বত য’তেই ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে, সন্ত্ৰাসবাদীৰ এই ঘাটিৰ সংযোগ আছে। যি সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীৰ সেন্দূৰ মচি দিছিল, ভাৰতে সেই সন্ত্ৰাসবাদীৰ হেডকোৱাৰ্টাৰ উৰুৱাই দিলে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে।

মোদীয়ে কয়, বিগত আঢ়ৈ-তিনি দশক ধৰি পাকিস্তানত ঘূৰি থকা, যিসকলে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল, তেওঁলোকক ভাৰতে একেকোবতে শেষ কৰি পেলালে। ভাৰতৰ এই পদক্ষেপত পাকিস্তানে ঘোৰ নিৰাশা, হতাশাত ভুগিছে। ইয়াৰ মাজতে পাকিস্তানে আৰু এক দুঃসাহস কৰিলে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ পদক্ষেপত সংগ দিয়াৰ সলনি পাকিস্তানে ভাৰতৰ ওপৰতে আক্ৰমণ কৰা আৰম্ভ কৰে। আমাৰ স্কুল-কলেজ, গুৰুদ্বাৰ-মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰক টাৰ্গেট কৰি লয়, পাকিস্তানে আমাৰ সৈন্য ঠিকনাক লক্ষ্য কৰি লয়। কিন্তু সকলোতে পাকিস্তানে ব্যৰ্থ হয়।

মোদীয়ে কয়, যেতিয়া পাকিস্তানৰ ফালৰ পৰা অনুৰোধ কৰা হ’ল যে ইয়াৰ পিছত কোনো সন্ত্ৰাসবাদী গতিবিধি আৰু সৈন্য দুঃসাহস দেখুওৱা নহ’ব। তেতিয়া ভাৰতে তাৰ ওপৰত বিবেচনা কৰিলে। আমি পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সেনাৰ ঠিকনাত নিজৰ প্ৰত্যুত্তৰক এতিয়া কেৱল স্থগিত কৰিছো, আহিবলগীয়া দিনত আমি পাকিস্তানৰ সকলো গতিবিধি লক্ষ্য কৰিম। আমাৰ বায়ুসেনা, সেনা, নৌসেনা, বিএছএফ, ভাৰতৰ অৰ্ধসামাৰিক বাহিনী সক্ৰিয় হৈ আছে। ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দূৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ নীতি। অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত এক নতুন ৰেখা অংকন কৰিলে। ভাৰতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। সেই স্থানলৈ গৈ কঠোৰ ব্যৱস্থা ল’ম, য’ত সন্ত্ৰাসবাদীৰ উৎপন্ন হয়। কোনো নিউক্লিয়াৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে। আমি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক চৰকাৰ আৰু সন্ত্ৰাসবাদীক পৃথকভাৱে গণ্য নকৰো।

Post a Comment

Previous Post Next Post