প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে প্ৰকৃত সত্য


 

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰক সম্বোধন কৰি পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰতে প্ৰথম তিনিদিনতে পাকিস্তানক তচনচ কৰি পেলালে, যিটো তেওঁলোকে ভবাও নাছিল। ভাৰতৰ প্ৰত্যাক্ৰমণৰ পিছত পাকিস্তানে ৰক্ষা পোৱাৰ উপায় বিচাৰিবলৈ ল’লে। বিশ্বজুৰি উত্তেজনা হ্ৰাসৰ বাবে অনুৰোধ কৰিবলৈ ল’লে। ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই ভাৰতৰ DGMOক যোগাযোগ কৰে। তেতিয়ালৈ ভাৰতে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰি পেলাইছে, সন্ত্ৰাসবাদীক হত্যা কৰিছে। পাকিস্তানে বুকুত স্থান দিয়া সন্ত্ৰাসবাদীৰ ঘাটক তচনচ কৰি পেলাইছে। যেতিয়া পাকিস্তানৰ ফালৰ পৰা অনুৰোধ কৰা হ’ল যে ইয়াৰ পিছত কোনো সন্ত্ৰাসবাদী গতিবিধি আৰু সৈন্য দুঃসাহস দেখুওৱা নহ’ব। তেতিয়া ভাৰতে তাৰ ওপৰত বিবেচনা কৰি যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয়, “আমি পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সেনাৰ ঠিকনাত নিজৰ প্ৰত্যুত্তৰক এতিয়া কেৱল স্থগিতহে কৰিছো, আহিবলগীয়া দিনত আমি পাকিস্তানৰ সকলো গতিবিধি লক্ষ্য কৰিম। আমাৰ বায়ুসেনা, সেনা, নৌসেনা, বিএছএফ, ভাৰতৰ অৰ্ধসামাৰিক বাহিনী সক্ৰিয় হৈ আছে। ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া ‘অপাৰেচন সিন্দূৰ’ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ নীতি। অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজত এক নতুন ৰেখা অংকন কৰিলে। ভাৰতৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব। সেই স্থানলৈ গৈ কঠোৰ ব্যৱস্থা ল’ম, য’ত সন্ত্ৰাসবাদীৰ উৎপন্ন হয়। কোনো নিউক্লিয়াৰ ব্লেকমেইল ভাৰতে সহ্য নকৰে। আমি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক চৰকাৰ আৰু সন্ত্ৰাসবাদীক পৃথকভাৱে গণ্য নকৰো।”


প্ৰধানমন্ত্ৰীয়ে কয়, অপাৰেচন সিন্দূৰ এক নাম নহয়, এয়া দেশৰ কোটি কোটি লোকৰ চিন্তাৰ প্ৰতিবিম্ব। অপাৰেচন সিন্দুৰ ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ মাজনিশা আৰু ৭ মে’ৰ পুৱা সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞাক পৰিণামলৈ পৰিণত হোৱা দেখিলে। ভাৰতৰ সেনাই পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত, তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত সঠিক প্ৰহাৰ কৰে। সন্ত্ৰাসবাদীয়ে সপোনতো ভৱা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশ একত্ৰিত হয়, দেশ প্ৰথম ভাৱনাৰে মন ভৰি থাকে, তেতিয়া এনেকুৱা সিদ্ধান্ত লোৱা হয়। পৰিণাম দেখুৱাই দিয়া হয়। যেতিয়া পাকিস্তানত সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতৰ মিছাইলে আক্ৰমণ কৰে, ভাৰতৰ ড্ৰোনে আক্ৰমণ কৰিলে, তেতিয়া সন্ত্ৰাসবাদী সংগঠনৰ ঘৰেই নহয়, তেওঁলোকৰ বুকুও কঁপি উঠিল। বাহাৱালপুৰ আৰু মুৰিডকেৰ দৰে সন্ত্ৰাসবাদীৰ ঠিকনা একপ্ৰকাৰ গ্ল’বেল টেৰ’ৰিজম ইউনিভাৰ্ছিটী। বিশ্বত য’তেই ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে, সন্ত্ৰাসবাদীৰ এই ঘাটিৰ সংযোগ আছে। যি সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীৰ সেন্দূৰ মচি দিছিল, ভাৰতে সেই সন্ত্ৰাসবাদীৰ হেডকোৱাৰ্টাৰ উৰুৱাই দিলে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে।


মোদীয়ে কয়, বিগত আঢ়ৈ-তিনি দশক ধৰি পাকিস্তানত ঘূৰি থকা, যিসকলে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল, তেওঁলোকক ভাৰতে একেকোবতে শেষ কৰি পেলালে। ভাৰতৰ এই পদক্ষেপত পাকিস্তানে ঘোৰ নিৰাশা, হতাশাত ভুগিছে। ইয়াৰ মাজতে পাকিস্তানে আৰু এক দুঃসাহস কৰিলে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ পদক্ষেপত সংগ দিয়াৰ সলনি পাকিস্তানে ভাৰতৰ ওপৰতে আক্ৰমণ কৰা আৰম্ভ কৰে। আমাৰ স্কুল-কলেজ, গুৰুদ্বাৰ-মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰক টাৰ্গেট কৰি লয়, পাকিস্তানে আমাৰ সৈন্য ঠিকনাক লক্ষ্য কৰি লয়। কিন্তু সকলোতে পাকিস্তানে ব্যৰ্থ হয়। মোদীয়ে কয়, বিশ্বই দেখিছে কিদৰে পাকিস্তানৰ ড্ৰোন, পাকিস্তানৰ মিছাইল ভাৰতৰ সন্মুখত ধ্বংস হৈছে। ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমে আকাশতে ধ্বংস কৰিলে। পাকিস্তানে সীমান্তত আঘাত কৰিছিল, কিন্তু ভাৰতে পাকিস্তানৰ বুকুত আঘাত কৰিছে। ভাৰতৰ ড্ৰোন-মিছাইলে সঠিকভাৱে আক্ৰমণ কৰে। পাকিস্তানৰ বায়ুসেনাৰ এয়াৰবেছৰ ক্ষতি হৈছে, যাক লৈ পাকিস্তানৰ অহংকাৰ আছিল।

Post a Comment

Previous Post Next Post