ৰাজ্যৰ একাংশ বনাঞ্চলত নিতৌ বৃদ্ধি পাইছে বনদস্যুৰ তাণ্ডৱ। এফালৰপৰা বনাঞ্চলত থকা মূল্যবান গছ-গছনি কাটি তহিলং কৰি আহিছে বনদস্যুয়ে। তেনে বনাঞ্চল ধ্বংসৰ দৃশ্য বিভিন্ন সময়ত ৰাজ্যৰ ভিন ভিন স্থনত পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজ্যৰ একাংশ বনাঞ্চলত শেন চকু বনদস্যুৰ। ঠিক সেইদৰে উত্তৰ-গুৱাহাটীৰ চিলা বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দীৰ্ঘেশ্বৰী বনাঞ্চলত কিছুদিনৰ পৰা একাংশ বনদস্যুয়ে সৃষ্টি কৰি আহিছিল সন্ত্ৰাস। সংৰক্ষিত বনাঞ্চলখনত বৃহৎ পৰিমাণৰ মূল্যৱান শাল গছৰ কুণ্ডা দীৰ্ঘেশ্বৰী বনাঞ্চলৰ খণ্ড বন বিষয়াই উদ্ধাৰ কৰাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। তাৰপিছতেই তৎপৰ হৈ পৰে চিলা বন বিষয়া কাৰ্যালয়।
ঘটনা অনুসৰি, বনবিষয়া কাৰ্যলয়ে ৪দিন পূৰ্বে সংৰক্ষিত বনাঞ্চলৰ পৰা শাল গছ কাটি কুণ্ডা সৰবৰাহ কৰা সময়তে বনবিভাগে ঘটনাস্থলীত উপস্থিত হৈ সৰবৰাহ কৰি থকা অৱস্থাত শাল গছৰ কুণ্ডা জব্দ কৰিছিল। অৱশ্যে বনধংস কৰা বনদস্যু পলাই যাবলৈ সক্ষম হৈছিল ঘটনাস্থলীৰ পৰা। তাৰপাছতে বনবিভাগে দেওবাৰে SSB বাহিনীৰ স্নিফাৰ ডগ আৰু এ চি এফ ৰেঞ্জ অফিচাৰৰ সহযোগত দীৰ্ঘেশ্বৰী বনাঞ্চলত নিশা অভিযান চলায়। অভিযানৰ অন্তত বহু তথ্য পোহৰলৈ আহিছে যদিও এতিয়ালৈ সংবাদ মাধ্যমৰ আগত কোনো তথ্য বন বিষয়া গৰাকীয়ে প্ৰকাশ কৰা নাই যদিও শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি অভিযানকাৰী দলটোৰ পৰা জানিব পৰা গৈছে। এতিয়া, প্ৰশ্ন হয় কেতিয়া গ্ৰেপ্তাৰ হ’ব দীৰ্ঘেশ্বৰী বনাঞ্চলত বনধ্বংস কৰা বনদস্যুৰ দলৰ সদস্য?