Narendra Modi on Operation Sindoor : অপাৰেচন সিন্দূৰ এতিয়াও শেষ হোৱা নাই, তিনিবাৰ ঘৰত সোমাই মাৰিছো



অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰলৈ উত্তৰ বংগৰ আলিপুৰদুৱাৰত উপস্থিত হৈ পাকিস্তানক সকীয়নি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঞ্চৰ পৰা পুনৰ পাকিস্তানত সাৱধন কৰি দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পেহেলগাম প্ৰসংগত মোদীয়ে কয়, ‘‘পেহেলগামৰ ঘটনাত আপোনালোকৰ খুব খং উঠিছিল। সেই খঙেই আমাক শক্তি যোগাইছে। যিসকলে পেহেলগাম কাণ্ড সংঘটিত কৰিছে, তেওঁলোকক সেন্দূৰৰ শক্তি বুজাই দিছে ভাৰতীয় সেনাই।’’

মোদীৰ সকীয়নি, ‘‘কল্পনাই কৰিব পৰা নাছিল পাকিস্তানে। অপাৰেচন সিন্দূৰৰ এতিয়াও শেষ হোৱা নাই। তিনিবাৰ ঘৰত সোমাই মাৰিছো। আক্ৰমণ হ’লে শত্ৰুৱে পুনৰ ডাঙৰ মূল্য দিব লাগিব।’’

আলিপুৰদুৱাৰৰ জনসভাত প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, ‘‘তৃণমূলৰ নেতাসকলৰ দুৰ্নীতিৰ বাবে ইয়াত শিশুসকলৰ ভৱিষ্যৎ নষ্ট হৈছে। কিন্তু তেওঁলোকে নিজৰ ভুল মানি ল’ব নিবিচাৰে। ওলোটাই আদালতক আক্ৰমণ কৰিছে তেওঁলোকে। তৃণমূল চৰকাৰে অভিযুক্তসকলক বচোৱাৰ চেষ্টা কৰিছে। বিজেপিয়ে এয়া হ’বলৈ নিদিয়ে।’’

Post a Comment

Previous Post Next Post