অসমীয়া চিনেমাৰ ৯০ বছৰজোৰা গৰিমা আৰু ইতিহাস প্ৰতিফলিত কৰি আজি ছবিগৃহলৈ আহিল বহুপ্ৰতীক্ষিত চিনেমা ‘ভাইমন দা’। অসমৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ শতাধিক ছবিগৃহত একেসময়তে মুক্তি লাভ কৰে অসমীয়া ছবিখনে। জনপ্ৰিয় গীতিকাৰ শশাংক সমীৰৰ পৰিচালনাত ছবিখনত প্ৰয়াত ছবি পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
প্ৰয়াত পৰিচালকগৰাকীৰ জীৱনৰ লগতে অসমীয়া চিনেমাৰ যুগজয়ী ইতিহাসক তুলি ধৰাৰ চেষ্টা কৰিছে পৰিচালক শশাংক সমীৰে। সত্তৰ-আশী দশকত নাটকৰ জৰিয়তে শিল্পচৰ্চাত প্ৰৱেশ কৰা মুনিন বৰুৱাৰ বিচিত্ৰ জীৱনৰ বৰ্ণিল পৰিক্ৰমাক ছবিখনত দেখুওৱা হৈছে। সমান্তৰালভাৱে তেওঁৰ সমসাময়িক শিল্পী, কলা-কুশলীৰো জীৱন আৰু কৰ্মৰাজি ছবিখনত প্রতিবিম্বিত কৰাৰ চেষ্টা কৰিছে পৰিচালক শশাংক সমীৰে।
গোলাঘাটৰ মৌজাদাৰ পৰিয়ালত কনিষ্ঠ সন্তানৰূপে জন্মগ্ৰহণ কৰাৰ পৰা ২০১৮ চনৰ জীৱনৰ অন্তিম দিনটোলৈ মুনিন বৰুৱা ওৰফে ভাইমন দাৰ জীৱন আৰু কৰ্মক খণ্ডিতৰূপত প্ৰতিফলিত কৰা হৈছে চিনেমাখনত। ভাইমন দাৰ সমগ্ৰ জীৱন পৰিক্ৰমাক সূক্ষ্মভাৱে তুলি ধৰাৰ উদ্দেশ্যে পৰিচালক শশাংক সমীৰে ছবিখনত মুনিন বৰুৱাৰ নাম ভূমিকাত তিনিগৰাকীকৈ অভিনেতাক জড়িত কৰোৱাইছে।
অভিনেতা বন্দীপ শৰ্মাই বিশিষ্ট চিত্ৰনিৰ্মাতা শিৱপ্ৰসাদ ঠাকুৰৰ চিনেমাৰ চিত্ৰ নাট্যকাৰ, সহকাৰী পৰিচালকৰূপে আত্মপ্ৰকাশ হোৱা ভাইমন দাৰ ২০০৫ চনত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ কাহিনী আধাৰিত ‘দীনবন্ধু’ৰ জৰিয়তে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ আঞ্চলিক চিনেমাৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ সময়ছোৱাক নিজৰ অভিনয়ৰ যোগেদি তুলি ধৰিছে। বৰ্তমানলৈ নিৰ্মাণ হোৱা অসমীয়া ছবিৰ সৰ্বাধিক ব্যয়বহুল ছবিখনত তিনি শতাধিক ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে। একেদৰে, অসমৰ জোৱাঁই তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিনেতা আশিস বিদ্যাৰ্থীয়েও ক্ষণিক সময়ৰ বাবে চিনেমাখনত ভূমুকি মাৰিছে। জিল ক্ৰিয়েচনৰ বেনাৰত আৰু শ্যামন্তক গৌতমৰ প্ৰযোজনাত নিৰ্মিত ‘ভাইমন দা’ৰ সংগীত পৰিচালনা জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীৰ।