দিনে ৰাতিয়ে তেওঁ দেখি আহিছে মৃতদেহ। মৃত ব্যক্তিৰ আত্মীয়ৰ হিয়া ভঙা কান্দোন শুনিছে তেওঁ। আপোনজনক হেৰুৱাই উচুপি থকাজনৰ চকুলোও দেখিছে। যিগৰাকী ব্যক্তিৰ দিন-ৰাতি কেৱল এইদৰেই পাৰ হয়, তেওঁৰ নাম হৈছে অনিল দাস। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানৰ চণ্ডাল হিচাপে কৰ্মৰত অনিল দাস। বিগত ১২ বছৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত চণ্ডাল হিচাপে নিজৰ কৰ্ম কৰি আহিছে অনিল দাসে।
নৱগ্ৰহ শ্মশান হৈছে গুৱাহাটীৰ এখন উল্লেখযোগ্য শ্মশান। এই শ্মশানভূমি নৱগ্ৰহ মন্দিৰৰ কাষতে অৱস্থিত। গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া বিভিন্ন ঠাইৰ পৰা মৃতদেহ সৎকাৰৰ বাবে আহে এই শ্মশানখনলৈ। এই শ্মশানখনলৈ অনা মৃতদেহ সৎকাৰ কৰি আহিছে অনিল দাসে।
মানুহৰ মৃত্যুৰ পাছতেই শেষ হৈ যায় বহু কাহিনী। কিন্তু সেই মৃতদেহ সৎকাৰ কৰা লোকসকলৰ চলি থাকে বহু কাহিনী, কোনেও নজনাকৈ চলি থাকে এখন জীৱন সংগ্ৰাম। জীৱন যুদ্ধত যুঁজি থাকে বহুজনে। ইয়াৰ ভিতৰতে নৱগ্ৰহ শ্মশানৰ চণ্ডাল অনিল দাসৰো আছে জীৱন সংগ্ৰামৰ কাহিনী।
অনিল দাসৰ ঘৰ নলবাৰীত। গুৱাহাটীলৈ আহিছিল পৰিয়াল পোহপালৰ উদ্দেশ্যে, তাৰ পিছত জীৱিকা হিচাপে নৱগ্ৰহ শ্মশানতে কৰ্ম জীৱনৰ বাট বিচাৰি পালে অনিল দাসে। বিগত ১২ বছৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত চণ্ডাল হিচাপে মৃতদেহ সৎকাৰ কৰি আহিছে তেওঁ।
মৃত্যুৰ সংজ্ঞা তেওঁৰ মতে কিছু পৃথক। কেতিয়াবা তেওঁৰ খুবেই দুখ লাগে, যেতিয়া সৰু ল’ৰা ছোৱালীৰ মৃত্যু হয়, কিন্তু তেওঁৰ যিহেতু কামেই সৎকাৰ কৰা সেইবাবে মনটোক দৃঢ় কৰি ধৰ্মীয় ৰীতি-নীতিৰে সৎকাৰ কৰে অনিল দাসে। নৱগ্ৰহ শ্মশানতে দিনে-নিশাই কটাই তেওঁ। আনকি কোৰোণাৰ সময়তো বহু মৃতদেহ সৎকাৰ কৰিছে অনিল দাসে। তদুপৰি অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিকো নৱগ্ৰহ শ্মশানত সৎকাৰৰ কাম কৰিছে অনিল দাসে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, জ্ঞানপীঠ বঁটাৰে সন্মানিত ড° মামণি ৰয়ছম গোস্বামীকে ধৰি বহু ব্যক্তিৰ সৎকাৰ কৰিছে তেওঁ।