ফাইনেলত উপনীত হ’বলৈ কোহলী বাহিনীক প্ৰয়োজন ১০২ ৰান


 

পঞ্জাব কিংছৰ বেটিঙত দুৰ্যোগ নমাই আনিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বলাৰসকলে। আৰম্ভণিৰে পৰা দুৰ্দান্ত প্ৰদৰ্শন কৰি শ্ৰেয়স আয়াৰৰ দলক চাপত পেলাই বেংগালুৰুৱেয়। সেই চাপৰ পৰা শেষ পৰ্যন্ত হাত সাৰিব নোৱাৰিলে দলটোৱে। ১০১ ৰানতে অলআউট পঞ্জাব।

টছত জিকি পঞ্জাবক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে। তেওঁৰ সেই সিদ্ধান্তক সঠিক প্ৰমাণ কৰিলে বলাৰসকলে। আৰম্ভণি কৰিছিল যশ দয়ালে। ইয়াৰ পিছত ভুবনেশ্বৰ কুমাৰ, জছ হেজলউট আৰু সূযশ শৰ্মায়ো দখল কৰে উইকেট। পঞ্জাবৰ কোনো বেটছমেনেই ক্ৰীজত থিতাপি ল’ব নোৱাৰিলে।

এইবাৰৰ আইপিএলত পঞ্জাবৰ অপেনাৰসকলে যথেষ্ট ৰান কৰিছিল। কিন্তু বৃহস্পতিবাৰে প্ৰিয়াংশ আৰ্য (৭) আৰু প্ৰভসিমৰন সিং (১৮) খুব সোনকালেই আউট হৈ যায়। তেওঁলোক আউট হোৱাৰ পিছত প্ৰতি ১০ ৰানৰ ব্যৱধানত উইকেট হেৰুৱায় পঞ্জাবে। হেজলউড দললৈ ওভতাত বেংগালুৰুৰ বলিং আক্ৰমণ অধিক শক্তিশালী হৈছে। তেওঁ অকলেই তিনিটা উইকেট দখল কৰে। তেওঁলোকৰ তিনিগৰাকী পেছাৰে আৰম্ভণিতে চাপত পেলায় পঞ্জাবক। ভুবনেশ্বৰে এটা উইকেট লোৱাৰ বিপৰীতে দয়ালে লয় দুটা উইকেট। বাকী কামখিনি কৰে স্পীনাৰ সূযশে। তেওঁ তিনিটা উইকেট দখল কৰে।পঞ্জাবৰ হৈ আটাইতকৈ বেছি ৰান মাৰ্কাছ ষ্টোইনিছৰ। তেওঁ ১৭টা বলত ২৬ ৰান কৰে। কিছু যুঁজ দিয়াৰ চেষ্টা কৰিছিল ষ্টোইনিছে। কিন্তু সূযশৰ বলত ব’ল্ড হয় তেওঁ। তাতেই পঞ্জাবৰ সকলো আক্ৰমণ শেষ হয়। মুছিৰ খানক ইমপেক্ট প্লেয়াৰ হিচাপে নমাই শেষ চেষ্টা কৰিছিল পঞ্জাবে। কিন্তু তাতো লাভ নহ’ল। শূন্য ৰানত আউট হয় তেওঁ।

Post a Comment

Previous Post Next Post