ৰাজ্যত ধৰ্মান্তৰকৰণৰ ভয়ংকৰ জাল পাতিছে খ্ৰীষ্টান মিছনেৰীয়ে। প্ৰাৰ্থনা গৃহ নিমাৰ্ণ কৰি সৰ্বসাধাৰণ লোকক চিকিৎসা কৰাৰ নামত এখন বৃহৎ নাটক আৰম্ভ কৰিছে খ্ৰীষ্টান মিছনেৰীয়ে। গোলাঘাটৰ মেৰাপানীত পুনৰ ধৰ্মান্তৰকৰণৰ জাল পেলাইছে খ্ৰীষ্টান মিছনেৰীয়ে। গাঁৱে-গাঁৱে এজেণ্ট নিয়োগ কৰিছে খ্ৰীষ্টান মিছনেৰীয়ে। কমিছনৰ অংকত একাংশ এজেণ্টে টাৰ্গেট কৰিছে চাহ জনগোষ্ঠীৰ দৰিদ্ৰ পৰিয়ালক।
বিশেষকৈ গাঁৱৰ বিধৱা মহিলা, কৰ্মসূত্ৰে অসমৰ বাহিৰত থকা মহিলাসকলক টাৰ্গেট কৰে এজেণ্টসকলে। শেহতীয়াকৈ মেৰাপানীৰ চন্দনপুৰত সংঘটিত হৈছে অনুৰূপ ঘটনা। এগৰাকী বিধৱা মহিলাক বেমাৰ ভাল কৰি দিয়াৰ প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ কৰাৰ অভিযোগ উথাপন হৈছে। অবেত বী নামৰ চৰকাৰী গাঁও প্ৰধানজনে চম্পা পাহাৰীয়া নামৰ মহিলাগৰাকীক ধৰ্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
পুত্ৰ কৰ্মসূত্ৰে বাহিৰত থকা সুযোগ লৈ ধৰ্মান্তৰকৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে পুত্ৰই গাঁওপ্ৰধান অবেত বীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে কেইমাহমান পূৰ্বে মেৰাপানীৰ বেনেদিক পথাৰত ধৰ্মান্তৰকৰণৰ জাল পাতিছিল খ্ৰীষ্টান মিছনেৰীয়ে। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে দুৰাৰোগ্য ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে যীশুৰ উপাসনা কৰিলে ধন সম্পদৰ গৰাকী হ’ব বুলি টোপ দিছিল একাংশ এজেণ্টে।একাধিক প্ৰলোভনেৰে হিন্দু ধৰ্মাৱলম্বী পৰিয়ালক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰাক লৈ উত্তপ্ত হৈ পৰিছে গোলাঘাট জিলাৰ মেৰাপানী অঞ্চল। এতিয়া দৰিদ্ৰতাৰ সৈতে অহৰহ যুঁজি থকা এনে পৰিয়ালক চৰকাৰী আঁচনিৰ সা-সুবিধা দিব নোৱাৰিলে ৰাজ্যত ভয়ংকৰ ৰূপ ল’ব পাৰে ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াই।