পাকিস্তানলৈ কিয় গৈছিল তাৰ স্পষ্ট উত্তৰ বিচাৰিলে সমষ্টিৰ যুৱ সমাজে


 

পাকিস্তানৰ সৈতে গোপনে যোগাযোগ ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদ-বিতৰ্কৰ সন্মুখীন হৈ থকাৰ সময়তে আজি নিজ সমষ্টিৰ অধীনস্থ তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় একাংশ যুৱকে। গৌৰৱ গগৈৰ নিজৰ সমষ্টিৰ অধীনস্থ একাংশ যুৱকে সাব্যস্ত কৰে প্ৰতিবাদ।

বৃহস্পতিবাৰে তিতাবৰ চাৰিআলিত গৌৰৱ গগৈৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় একাংশ যুৱকে। অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰূপে দায়িত্ব গ্ৰহণৰ পাছতে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ সন্দৰ্ভত দিয়া প্ৰতিক্ৰিয়াৰ আঁত ধৰি তিতাবৰত যুৱকসকলে এই প্রতিবাদ সাব্যস্ত কৰে। ‘গৌৰৱ গগৈ হুচিয়াৰ’, ‘গৌৰৱ গগৈ মুর্দাবাদ’ আদি শ্লোগানেৰে তিতাবৰৰ আকাশ-বতাহ কঁপাই তোলে যুৱকসকলে।

প্ৰতিবাদকাৰীসকলে কয়, ‘‘কি কাৰণত গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিবলগীয়া হ’ল, তাৰ উত্তৰ অসমবাসীক শীঘ্ৰে তেওঁ জনাব লাগে। আমি সৰুৰে পৰা পাকিস্তান এখন শত্ৰুৰাষ্ট্ৰ বুলি জানি আহিছোঁ। আমাৰ দেশৰ প্ৰতি ষড়যন্ত্ৰ কৰি আহিছে, যুদ্ধ কৰিছে, ভাৰতীয়ক আক্ৰমণ কৰি আহিছে, আমাৰ দেশৰ নিৰীহ মানুহক হত্যা কৰিছে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে। তেনে এখন ৰাষ্ট্ৰলৈ গৌৰৱ গগৈয়ে কিয় যাবলগীয়া হল? এই কথাক আমি গৰিহণা দিছোঁ।’’


গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা এই গুৰুতৰ অভিযোগৰ উত্তৰ দিবলৈ তেওঁ কিয় ইমানদিন লগালে বুলি উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে লগতে কয় যে পাকিস্তানৰ সৈতে তেওঁৰ আৰু পৰিয়ালে ৰখা সংযোগৰ বিষয়ে, ফুৰিবলৈ যোৱাৰ বিষয়ে ক’বলৈ তেওঁ ইমান সময় লগোৱা কাৰ্যক আমি গৰিহণা দিছোঁ।

প্ৰতিবাদকাৰীসকলে কয়, পৰহি তেওঁ স্বীকাৰ কৰাৰ উপৰি তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সংযোগ থকা আৰু সন্তানৰ ভাৰতীয় নাগৰিকত্ব নাই বুলি পাকে প্ৰকাৰে স্বীকাৰ কৰা কাৰ্যত আমি তিতাবৰৰ যুৱ সমাজ অতি লজ্জিত হৈছোঁ। কিয় তেওঁ পাকিস্তানলৈ গৈছিল, সেই কথাখিনিৰ স্পষ্ট উত্তৰ তেওঁ নিদিলে আমি আগন্তুক দিনত তেওঁৰ বিৰুদ্ধে আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি হুংকাৰ দিয়ে তিতাবৰৰ যুৱ সমাজে।

Post a Comment

Previous Post Next Post