ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পাছতে হোৰাহোৰে হ্ৰাস পাইছে চীনৰ প্ৰতিৰক্ষা কোম্পানীৰ শ্বেয়াৰ মূল্য। ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ ফলত চীনৰ প্ৰতিৰক্ষা কোম্পানীৰ শ্বেয়াৰ মূল্য ৮% পৰ্যন্ত হ্ৰাস পাইছে। মঙলবাৰে চীনৰ প্ৰতিৰক্ষা ষ্টকত তীব্ৰ চাপৰ সৃষ্টি হয়। ১৩ মে’ত Hang Seng Indexত প্ৰকাশ পোৱা তথ্য অনুসৰি মঙলবাৰে চীনত প্ৰতিৰক্ষা কোম্পানীৰ শ্বেয়াৰ ৩ শতাংশ হ্ৰাস পাইছিল। সমান্তৰালভাৱে AVIC চেংডু আৰু ঝুঝৌ হংডাৰ ব্যৱসায় ক্ৰমে ৮.৬ শতাংশ আৰু ৬.৩ শতাংশ হ্ৰাস পাইছে। AVIC চেংডু এয়াৰক্ৰাফ্ট হৈছে J-10C যুঁজাৰু বিমান নিৰ্মাতা কোম্পানী।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক ডাৰে পাকিস্তানৰ সংসদত কৈছিল যে ভাৰতীয় যুদ্ধ বিমানৰ সৈতে হোৱা সংঘৰ্ষত চীনত নিৰ্মিত J-10C যুদ্ধ বিমান ব্যৱহাৰ কৰা হৈছিল।
আনহাতে ঝুঝৌ হংডা ইলেক্ট্ৰনিকছ কৰ্প লিমিটেড হৈছে PL-15 ক্ষেপণাস্ত্ৰৰ নিৰ্মাতা কোম্পানী। PL-15 ক্ষেপণাস্ত্ৰও ব্যৱহাৰ কৰিছিল পাকিস্তান সেনাই। ২০২০ৰ পৰা ২০২৪ চনলৈ চীনে পাকিস্তানলৈ বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে। এই সময়ছোৱাত পাকিস্তানক সৰ্বাধিক অস্ত্ৰ বিক্ৰী কৰা দেশ হিচাপে পৰিগণিত হৈছে চীন। পাকিস্তানে চীনৰ পৰাই ৮১ শতাংশ অস্ত্ৰ আমদানি কৰে।আনহাতে, নেদাৰলেণ্ডৰ পৰা ৫.৫ শতাংশ অস্ত্ৰ আমদানি কৰিছে পাকিস্তানে। তুৰস্কৰ পৰা ৩.৮ শতাংশ ড্ৰোন ক্ৰয় কৰিছিল পাকিস্তানে। যিসমূহ ভাৰতৰ সৈতে হোৱা সংঘাতৰ সময়ত পাকিস্তানে ব্যৱহাৰ কৰিছিল। অস্ত্ৰৰ বাবে চীনৰ ওপৰত পাকিস্তানৰ নিৰ্ভৰশীলতা অতিকৈ গভীৰ। বিপৰীতে এই ক্ষেত্ৰত তুৰস্কই ৩ নং স্থান লাভ কৰিছে। সামৰিক বিমান আৰু হেলিকপ্টাৰ উৎপাদন কৰা আন এটা সহযোগী কোম্পানী AVIC এৰ’স্পেচৰ শ্বেয়াৰ ২ শতাংশতকৈ অধিক হ্ৰাস পাইছে।
চীনৰ AVIC হৈছে এটা বৃহৎ চৰকাৰী মালিকানাধীন মহাকাশ আৰু প্ৰতিৰক্ষা সংঘ, যিয়ে চীনৰ বিমান আৰু আকাশী অস্ত্ৰ-শস্ত্ৰৰ বাবে বহুতো ডিজাইন আৰু উৎপাদন প্লাণ্টক সামৰি লৈছে। ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিয়ে ৰঙা চীনত পেলাইছে গভীৰ প্ৰভাৱ। একপ্ৰকাৰ পাকিস্তানক সহায় কৰিয়েই যেন বিপদত পৰিল চীন। খহিয়েই আছে চীনৰ প্ৰতিৰক্ষা কোম্পানীৰ শ্বেয়াৰ মূল্য।