বুধবাৰে সন্ধিয়া নতুন অসমীয়া চিনেমা ‘ভাইমন দা’ৰ ট্ৰেইলাৰ মুক্তি দিয়া হয়। Zeal Creationsৰ ইউটিউব চেনেলযোগে মুকলি কৰা হয় ট্ৰেইলাৰটো। ২৩ মে’ত মুক্তিলাভ কৰিব ‘ভাইমন দা’ই।
যশস্বী চিনেমা পৰিচালক মুনিন বৰুৱাৰ জীৱন আধাৰিত এই চিনেমাখনত অভিনয় কৰিছে বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী আৰু কণ্ঠশিল্পীয়ে।Zeal Creationsৰ বেনাৰত নিৰ্মিত চিনেমাখনৰ কাহিনী/চিত্ৰনাট্য/সংলাপ আৰু পৰিচালনা জনপ্ৰিয় গীতিকাৰ তথা পৰিচালক শশাংক সমীৰৰ।চিনেমাখনৰ প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে।ইতিমধ্যে অসমবাসীৰ মাজত চৰ্চা লাভ কৰিছে ‘ভাইমন দা’ই। বিশেষকৈ চিনেমাখনৰ ‘এৰা-এৰি’ শীৰ্ষক গীতটোৱে লাভ কৰিছে বিশেষ সমাদৰ।