Aaranyak Media Fellowship : আৰণ্যকৰ ‘প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী’ বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা


 

ভাৰতৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে পৰিৱেশ, জীৱন আৰু বনাঞ্চল বা বনাঞ্চলৰ কাষৰীয়া গাঁৱত বাস কৰা গাঁৱলীয়া খিলঞ্জীয়া লোকসকলৰ জীৱিকাৰ বিষয়ে ৰিপ’ৰ্টিং কৰা পেছাদাৰী যুৱ সাংবাদিকৰ বাবে মিডিয়া ফেল’শ্বিপ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। মানৱ-প্ৰকৃতিৰ সম্পৰ্ক, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা, বহনক্ষম জীৱিকা আৰু সম্প্ৰদায়ভিত্তিক পৰিৱেশ-সাংস্কৃতিক পৰ্যটনৰ বিষয়ে বুজি লৈ জীৱন ধাৰণৰ পৰম্পৰা আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানক উদগনি যোগোৱা বহনক্ষম উন্নয়ন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণক সামৰি সৃজনীশীল প্ৰতিবেদন প্ৰস্তুত কৰাত যুৱ সাংবাদিকসকলক সহায় কৰাই এই ফেল’শ্বিপৰ উদ্দেশ্যে।


মুঠ আঠগৰাকী ফেল’ক এই ফেল’শ্বিপৰ বাবে বাছনি কৰা হ’ব আৰু প্ৰত্যেককে ৪০,০০০ টকাকৈ প্ৰদান কৰা হ’ব। ফেল’শ্বিপৰ বাবে বাছনি কৰা সকলোকে জ্যেষ্ঠ সাংবাদিকে যাৱতীয় দিহা-পৰামৰ্শৰে সহায় কৰিব। আনহাতে, ফেল’সকলক ক্ষেত্ৰভিত্তিক কাম-কাজত স্থানীয় গাইডে সহায় কৰিব।

কোনে আবেদন কৰিব পাৰে?
বড়ো, কাৰ্বি, অসমীয়া, ইংৰাজী, বাংলা আদি ভাষাৰ ছপা মাধ্যম, ডিজিটেল মাধ্যম, সম্প্ৰচাৰ মাধ্যম আৰু আলোচনীত কৰ্মৰত যুৱ সংবাদকৰ্মীৰ লগতে ফ্ৰীলান্স সাংবাদিকেও এই ফেল’শ্বিপৰ বাবে আবেদন কৰিব পাৰিব।আবেদনকাৰীৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব আৰু তেওঁ অসমৰ বাসিন্দা হ’ব লাগিব। তেওঁলোকৰ পৰিৱেশ বিষয়ক সাংবাদিকতাৰ প্ৰতি গভীৰ ৰাপ, স্থানীয় লোকৰ সৈতে থাকি তৃণমূলৰ ইতিবাচক খবৰ সন্ধান কৰাৰ আগ্ৰহ থাকিব লাগিব আৰু বিভিন্ন মাধ্যমত প্ৰকাশিত প্ৰতিবেদনত সৃজনশীল লেখনিৰ দক্ষতা ফুটি উঠিব লাগিব। সংস্থাটোৱে ৰাজ্যখনৰ ষষ্ঠ অনুসূচীৰ এলেকাত কৰ্মৰত সাংবাদিকক এই ফেল’শ্বিপৰ বাবে আবেদন কৰিবলৈ অধিক উৎসাহিত কৰিছে। ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু খিলঞ্জীয়া সম্প্ৰদায়ৰ আবেদনকাৰীৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা ৫ বছৰ ৰেহাই দিয়া হ’ব।

কৰ্মৰত সাংবাদিকসকলে উপযুক্ত পদ্ধতিৰে আবেদন কৰিব লাগিব। সকলো আবেদনকাৰীয়ে তেওঁলোকৰ কামৰ বিষয়ে জ্ঞাত জ্যেষ্ঠ সাংবাদিকৰ পৰা দুখন প্ৰমাণপত্ৰ জমা দিব লাগিব। মহিলা আবেদনকাৰীক ফেল’শ্বিপৰ বাবে আবেদন কৰিবলৈ অধিক উৎসাহিত কৰা হৈছে।

ফেল’শ্বিপৰ সময়সীমা:
এই ফেল’শ্বিপ তিনিমহীয়া হ’ব। ফেল’সকলে ১০ দিন বা ততোধিক দিন ক্ষেত্ৰ অধ্যয়নত কটোৱাটো বাধ্যতামূলক। বাকী ৫০ দিনত প্ৰতিবেদন প্ৰস্তুত আৰু প্ৰকাশৰ কাম সম্পূৰ্ণ কৰিব লাগিব।

প্ৰস্তাৱিত স্থান:
কাৰ্বি আংলং জিলাৰ ৰংমংভে ব্লকৰ কহঁৰা আৰু ডিৰিং অঞ্চল, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, অসম আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ আৰু বি টি আৰৰ বাকসা জিলাৰ দাওধৰা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহক এই ফেল’শ্বিপৰ বাবে গুৰুত্ব আৰোপ কৰিবলগা স্থান হিচাপে বাছনি কৰা হৈছে।

Post a Comment

Previous Post Next Post