ভাৰতৰ অন্যতম ক্ষেপণাস্ত্ৰ আকাশ। আইৰন ড’মতকৈ উন্নত পৰ্যায়ত কাম কৰি দেখুৱালে আকাশ প্ৰতিৰক্ষা ব্যৱস্থাই। বিশ্বৰ সকলো বিশেষজ্ঞই একেমুখে স্বীকাৰ কৰিছে এই কথা। অপাৰেচন সিন্দূৰৰ সময়ত সীমান্তৰ সিপাৰৰ পৰা পাকিস্তানে নিক্ষেপ কৰাৰ ইটোৰ পাছত সিটো লক্ষ্যক নমাই আনিবলৈ সক্ষম হৈছিল আকাশ ক্ষেপণাস্ত্ৰ। অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানৰ লক্ষ্য নিষ্ক্ৰিয় কৰাৰ ক্ষেত্ৰত আকাশ ক্ষেপণাস্ত্ৰৰ ভূমিকা আছিল লেখত ল’বলগীয়া।
উল্লেখ্য যে DRDOই নিৰ্মাণ কৰা আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা হৈছে যুদ্ধ বিমান, ড্ৰ’ন, ক্ৰুজ মিছাইল, বায়ুৰ পৰা পৃষ্ঠলৈ মিছাইল আদি আকাশী আক্ৰমণক নিষ্ক্ৰিয় কৰিবলৈ ডিজাইন কৰা এক ক্ষেপণাস্ত্ৰ। এই মিছাইলটো এটা ইণ্টিগ্ৰেটেড ৰেমজেট-ৰকেট ইঞ্জিনৰ দ্বাৰা পৰিচালিত হয়। যাৰ ফলত ই সমগ্ৰ উৰণৰ সময়ছোৱাত ছুপাৰছনিক গতি বজাই ৰাখিব পাৰে। ইয়াৰ পৰিসৰ ২৫–৪৫ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। ২০ কিলোমিটাৰ পৰ্যন্ত উচ্চতাত লক্ষ্যক আক্ৰমণ কৰাৰ ক্ষমতা আছে। এই মিছাইলটোৱে ৬০ কিলোগ্ৰাম ওজনৰ উচ্চ বিস্ফোৰক, প্ৰি-ফ্ৰেগমেণ্টেড ৱাৰহেড কঢ়িয়াই লৈ ফুৰিব পাৰে।আকাশ ক্ষেপণাস্ত্ৰ এটা অত্যাধুনিক ৰাডাৰ নেটৱৰ্কৰ দ্বাৰা সমৰ্থিত। একেলগে ৬৪টা লক্ষ্য অনুসৰণ আৰু আঠটা ক্ষেপণাস্ত্ৰক গাইড কৰিব পাৰে। আনহাতে 3D চেণ্ট্ৰেল একুইজিচন ৰাডাৰে দীৰ্ঘ দূৰত্বলৈ চোৱাচিতা আৰু লক্ষ্য অধিগ্ৰহণৰ ব্যৱস্থা কৰে। একেলগে একাধিক ভাবুকিৰ সৈতে মোকাবিলা কৰিব পাৰে আকাশ ক্ষেপণাস্ত্ৰই। অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে চলোৱা ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ চেষ্টা ব্যৰ্থ কৰাত আকাশ ক্ষেপণাস্ত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শত্ৰুপক্ষৰ আকাশী লক্ষ্যক সফলতাৰে বাধা দিছিল, শত্ৰুক ৰোধ কৰিছিল আৰু ভাৰতৰ জটিল আন্তঃগাঁথনি সুৰক্ষিত কৰিছিল।