ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক, একেলগে বন্ধ কৰি দিলে চীন আৰু তুৰ্কীৰ মুখ



 চীন আৰু তুৰ্কীৰ অপপ্ৰচাৰৰ ওপৰত ডাঙৰ প্ৰহাৰ ভাৰত চৰকাৰৰ। ভাৰতে চীনৰ চৰকাৰী মুখপত্ৰ গ্ল’বেল টাইম্ছ আৰু তাৰ চৰকাৰী এজেন্সী শিন্দুৱাৰ অফিচিয়েল এক্স একাউণ্ট ভাৰতত ব্লক কৰি দিয়া হৈছে। আনহাত, তুৰ্কীৰ চৰকাৰী চেনেল টিআইটি ৱৰ্ল্ডৰ এক্স একাউণ্টো বন্ধ কৰি দিয়া হৈছে।

শেহতীয়াকৈ ভাৰত চৰকাৰে কেইবাটাও পাকিস্তানী এক্স হেণ্ডেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পিছতে ভাৰত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে, পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে যুদ্ধৰ সময়ত তুৰ্কী আৰু চীনে পাকিস্তানৰ সমৰ্থনত থিয় দিছিল আৰু এই সকলো প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ হৈ অপপ্ৰচাৰ চলাইছিল।

কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত এনে সময়ত গ্ৰহণ কৰিছে, যি সময়ত চীনৰ ফালৰ পৰা অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলৰ নাম সলনিৰ কথা পোহৰলৈ আহিছে। ভাৰতে এই দাবী কঠোৰভাৱে খণ্ডন কৰিছে। কেন্দ্ৰীয় চৰকাৰে কয় যে এই ধৰণৰ “অৰ্থহীন” প্ৰচেষ্টাই এই সত্যটো সলনি কৰিব নোৱাৰে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু সদায় থাকিব।বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয়, ‘‘আমি দেখিছো যে চীনে ভাৰতৰ অৰুণাচল প্ৰদেশত কিছু ঠাইৰ নাম সলনি কৰাৰ অৰ্থহীন প্ৰয়াস কৰি আহিছে।’’ তেওঁ কয়, ‘আমি এনে প্ৰচেষ্টাক সম্পূৰ্ণৰূপে খাৰিজ কৰিছো। এনে কাল্পনিক নামকৰণৰ দ্বাৰা এই অটল সত্য সলনি হৈ নাযায় যে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন আৰু অবিভাজিত অংশ আছিল আৰু থাকিব।

Post a Comment

Previous Post Next Post