Guwahati News : মৌচুমী গগৈৰ হত্যাকাণ্ডৰ কথা মনত আছেনে?



 গুৱাহাটী মহানগৰীৰ লাষ্টগেটৰ নাহৰনি পথত সংঘটিত হোৱা মৌচুমী গগৈৰ হত্যাকাণ্ডৰ কথা মনত আছেনে? ২৬ ডিচেম্বৰত প্ৰেমৰ সম্পৰ্কত হোৱা সংঘাতৰ ভয়ংকৰ পৰিণতিত মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীক দিনৰ ভাগতে ছুৰিকাঘাত কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল। সেই নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ভূপেন দাস। কিন্তু ৩ মাহ নৌহওঁতেই কাৰাগাৰৰ পৰা ওলাল মৌচুমী গগৈ হত্যাকাণ্ডৰ অভিযুক্ত ভূপেন দাস।

মাত্ৰ ৮৯ দিন জে’লত থাকিয়েই মুকলি আকাশৰ তললৈ আহিল ভূপেন দাস। আইনৰ সুৰুঙাৰে সাৰি গ’ল মৌচুমীৰ হত্যাকাৰী ভূপেন দাস। ১৯ জানুৱাৰীত মৌচুমীৰ প্ৰেমিক ভূপেন দাসক জে’ললৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু হাতীগাঁও আৰক্ষীয়ে আদালতত জমা দিব নোৱাৰিলে সঠিক তথ্য-প্ৰমাণ। দুৰ্বল অভিযোগনামা দাখিলৰ বাবেই ভূপেন দাসে জামিন লাভ কৰাৰ সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে দিনৰ পোহৰতে নাহৰণি পথত মৌচুমীক হানি-খুচি হত্যা কৰিছিল ভূপেন দাসে। মৌচুমী গগৈক হত্যা কৰি নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল ভূপেনে। ভূপেনৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৌচুমীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল।

Post a Comment

Previous Post Next Post