Share Market Crash Update: ১০ ছেকেণ্ডত বিনিয়োগকাৰীয়ে হেৰুৱালে ২০ হাজাৰ কোটি টকা


 

বিশ্বৰ শ্বেয়াৰ বজাৰত বৃহৎ পতন। আজি পুৱাৰে পৰা ছেনচেক্স ২৮৪৯ পইণ্ট বা ৩.৭৮ শতাংশ হ্ৰাস পাই ৭২,৫১৫ পইণ্ট আৰু নিফটী ৯১০ পইণ্ট বা ৩.৯৭ শতাংশ হ্ৰাস পাই ২১,৯৯১ পইণ্টত উপনীত হয়। ছিংগাপুৰ ষ্টক ৭.৫ শতাংশ হ্ৰাস পাইছে, মালয়েছিয়াৰ ৪ শতাংশ হ্ৰাস পাইছে, হংকঙৰ হেং ছেং সুচাংক কমিল ৮.৮ শতাংশ, টাইৱানৰ টাইয়েক্স ডুবিল ৯.৮ শতাংশ। আনফালে জাপানৰ নিক্কি হ্ৰাস পাইছে ৮.৮ শতাংশ, চীনত ৪.৫ শতাংশ, দক্ষিণ কোৰিয়া ৪.৩৪ শতাংশ আৰু অষ্ট্ৰলিয়াৰ বজাৰত ৩.৮ শতাংশ পতন হয় শ্বেয়াৰ বজাৰ।


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বাবে সমগ্ৰ বিশ্বৰ ষ্টক মাৰ্কেট হাহাকাৰ সৃষ্টি হৈছে। আজি পুৱা ভাৰতীয় শ্বেয়াৰ বজাৰত বিপৰ্যয়ৰ সৃষ্টি হয়। আজি শ্বেয়াৰ বজাৰত মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে বিনিয়োগকাৰীয়ে ২০ লাখ কোটিতকৈ অধিক টকা হেৰুৱাই।উল্লেখ্য যে দুদিন পূৰ্বে ড’নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত প্ৰতিশোধমূলকভাৱে শুল্ক আৰোপ কৰিছিল। ট্ৰাম্পে দাবী কৰিছিল যে এই পদক্ষেপ জৰিয়তে আমেৰিকাৰ উদ্যোগৰ সোণালী যুগ ঘূৰাই আনিবলৈ লৈছিল। এই ঘোষণা অনুসৰি এতিয়াৰ পৰা বিশ্বৰ যিকোনো দেশত আমেৰিকালৈ সামগ্ৰী ৰপ্তানি কৰা হ’ব নূন্যতম ১০ শতাংশ শুল্ক। ইয়াৰ ওপৰত ড’নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰিছে।

Post a Comment

Previous Post Next Post