দিল্লীত অস্বাভাৱিক গৰমৰ প্ৰভাৱ। বুধবাৰে দিল্লীত গৰমে ভংগ কৰিলে অভিলেখ। ২০২২ চনৰ পাছত আটাইতকৈ উষ্ণ মাৰ্চ মাহৰ সাক্ষী হ’ল দিল্লীবাসী। ৪০.৬ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাই চুই গ’ল দিল্লীক। ইয়াৰ পাছতে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে ভয়ংকৰ ইংগিত।
কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ তথ্য অনুসৰি, পিতামপুৰাত তাপমাত্ৰাই ৪০.৬ ডিগ্ৰী চেলছিয়াছৰ ঘৰ স্পৰ্শ কৰে। বিপৰীতে নতুন দিল্লীত সৰ্বোচ্চ উষ্ণতা ৪০.১ ডিগ্ৰী চেলছিয়াছ হয়। যি পৰিমাণ স্বাভাৱিকতকৈ ৬.৩ ডিগ্ৰী অধিক। আনহাতে ছফদাৰজাঙত তাপমাত্ৰই স্পৰ্শ কৰে ৩৮.০ ডিগ্ৰী চেলছিয়াছ। বিপৰীতে লোধী ৰোডৰ তাপমাত্ৰা আছিল ৩৮.৭ ডিগ্ৰী চেলছিয়াছ। আই এম ডিৰ তথ্য অনুসৰি, পালামত সৰ্বোচ্চ উষ্ণতা আছিল অভিলেখ সংখ্যক ৩৮ ডিগ্ৰী চেলছিয়াছ।
IMDয়ে দিয়া তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ৰাজধানীত শেষবাৰৰ বাবে ইমান অধিক তাপমাত্ৰাই অভিলেখ গঢ়িছিল ২০২২ চনৰ ২৯ মার্চত। তেতিয়া সর্বোচ্চ তাপমাত্রা আছিল অভিলেখ সংখ্যাক ৩৯.১ ডিগ্রী চেলছিয়াছ।
২০২৪ চনৰ ২৯ মাৰ্চত সৰ্বোচ্চ উষ্ণতা আছিল ৩৭.৮ ডিগ্ৰী চেলছিয়াছ। ইয়াৰ পূৰ্বে মাহটোৰ আটাইতকৈ গৰমৰ দিনটো আছিল ১৫ মাৰ্চ। সৰ্বোচ্চ উষ্ণতা আছিল ৩৪.৩ ডিগ্ৰী চেলছিয়াছ। দিনটোত আৰ্দ্ৰতাৰ মাত্ৰা আছিল ১৯ শতাংশৰ পৰা ৫২ শতাংশৰ ভিতৰত। আই এম ডিৰ বাতৰি অনুসৰি, নূন্যতম উষ্ণতা আছিল ১৭.৭ ডিগ্ৰী চেলছিয়াছ।