কামৰূপৰ পাকৰকোণাৰ FNB ইটাভাটাত ভয়ংকৰ ঘটনা। শ্ৰমিক থকা কোঠাত চিলিণ্ডাৰ বিস্ফোৰিত হৈ জীৱন্তে অগ্নিদগ্ধ ১০ গৰাকীতকৈও অধিক শ্ৰমিক। কেইবাটাও চিলিণ্ডাৰ বিষ্ফোৰণত ইতিমধ্যে অগ্নিদগ্ধ হৈছে পুৰুষ, মহিলা শ্ৰমিককে ধৰি এটি পানী কেঁচুৱাও। সংকটজনক অৱস্থাত আটাইকেইগৰাকী আঘাতপ্ৰাপ্তকে দুখনকৈ ১০৮ সেৱাৰ এম্বুলেঞ্চেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
ইতিমধ্যে, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্বাপণ কৰা হয় জুই। শ্ৰমিকৰ কোঠালীসমূহলৈ যোৱা পথ যথেষ্ঠ ঠেক হোৱাৰ বাবেই হতাহতৰ সংখ্যা বৃদ্ধি পায়। এই ভয়ংকৰ ঘটনাত সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
Tags:
Assam