Manoranjan Talukdar: ‘‘অডিঅ’ সত্য হ’লে কি হ’ব? ৰাজনৈতিক দলে টকা বিচাৰিব নোৱাৰে নেকি’’


 

এটা ফোন টেপিঙক লৈ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ফোন টেপিংটোত শুনা যোৱা কণ্ঠ CPI(M)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বুলি অভিযোগ উঠিছে। জনৈক হৰ্ষ নামৰ এজন লোকক ফোন কৰি বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়কজনৰ বিৰুদ্ধে। কিন্তু এই ভাইৰেল অডিঅ’ টেপক ষড়যন্ত্ৰ আখ্যা দিছে বিধায়ক মনোৰঞ্জন তালুুকদাৰে। আজি সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে চিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক মুখ্যমন্ত্ৰীয়ে। তদন্ত প্ৰক্ৰিয়াত পূৰ্ণ সহযোগ আগবঢ়াবলৈ সাজু মনোৰঞ্জন তালুকদাৰ। যি পৰ্যায়ৰ তদন্ত কৰে সকলোতে সহায় কৰিব বিধায়কগৰাকীয়ে।

মনোৰঞ্জন তালুকদাৰে কয়, “মোক দোষী সাব্যস্ত কৰক। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ। ৰাজনৈতিক দলে টকা বিচাৰে, তাত কোনো বাধা নাই। মই টকা লোৱাৰ কোনো প্ৰমাণ নাই। অধ্যক্ষক মই ক’ব নালাগে, নিজে পদক্ষেপ লওক অধ্যক্ষই। প্ৰকাশ হোৱা অডিঅ’টো যদি সঁচা হয় তেন্তে সেয়া লোকসভা নিৰ্বাচনৰ অডিঅ’, অৰ্থাৎ ৯ মাহ পূৰ্বৰ এই অডিঅ’টো। মোৰ লগত থকা ম’বাইলটো চালে সকলো স্পষ্ট হ’ব। অধ্যক্ষই বিচাৰিলে মই মোৰ ম’বাইলটো দি দিম। তদন্তকাৰী বিষয়াৰ জড়িয়তে তদন্ত কৰিলে স্পষ্ট হ’ব সকলো।” সমান্তৰালকৈ সদনত তেওঁ নাম লোৱা ব্যক্তি কেইগৰাকীৰ বিৰুদ্ধে তদন্ত কৰাৰ দাবী বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। মনোৰঞ্জন তালুকদাৰে লগতে কয় যে, “অডিঅ’ সত্য হ’লে কিডাল হ’ব? ৰাজনৈতিক দলে টকা বিচাৰিব নোৱাৰে নেকি?”উল্লেখযোগ্য যে, বিধানসভাত কৰ্তন প্ৰস্তাৱ উত্থাপন নকৰাৰ বাবদ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে। ফোন ৰেকৰ্ডিঙত দাবী কৰা হৈছে হেভী এমাউণ্ট। কৰ্তন প্ৰস্তাৱ উত্থাপন নকৰাৰ বাবদ দাবী কৰা হৈছে হেভী এমাউণ্টৰ ধন। হৰ্ষ নামৰ এজন যুৱকৰে হোৱা ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। হৰেন মহন্ত নামৰ এজন লোকৰ নাম লৈছে ফোনত ফোনত। শাসকীয়-বিৰোধীৰ বিধায়কৰ হাতে হাতে অডিঅ’ টেপিংটো বিয়পি পৰিছে। অধ্যক্ষও অৱগত হৈছে এই অডিঅ’ ৰেকৰ্ডিঙৰ বিষয়ে।

বিধায়ক মনোৰঞ্জন তালুকদাৰে ফোন টেপিং ভাইৰেলক লৈ কালি শনিবাৰেও প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। তেওঁ কয়, “হৰ্ষ, হৰেন দুইগৰাকী ছিণ্ডিকেটকাৰী। মই কোনো হৰ্ষ বা হৰেন মহন্তক ব্যক্তিগতভাবে চিনি নাপাওঁ। ৰূপম বহুকেইজন আছে কিন্ত কোনজন ৰূপম মই নাজানো। ইতিমধ্যে মই বিধানসভাত ছিণ্ডিকেট ৰ বিষয় উত্থাপন কৰিছোঁ। ফোন কলৰ ভয়চ মোৰ নহয়? AI ব্যৱহাৰ কৰি কাটি কাটি আনি এই টেপিংতো বনাইছে। মই চাইবাৰ ক্ৰাইমলৈ যাম। তদন্ত হোৱাটোৱে বিচাৰিছোঁ। চুপাৰি ছিণ্ডিকেটত কেনেকৈ টকা উঠাই সকলো মই বিধানসভাত উত্থাপন কৰিছো। Voice টেষ্ট কৰক মই সাজু আছোঁ। হৰেন মহন্ত ছিণ্ডিকেটৰ কিং, হৰ্ষ কিং পিন ইতিমধ্যে মই বিধানসভাত এইবোৰ তথ্য দিছোঁ। মই মাৰ্ক্সবাদী আদৰ্শত বিশ্বাসী, চোৰৰ পৰা পইচা নলওঁ। সকলো ‘দাল কা দাল পানী কা পানী’ হৈ যাব তদন্ত হ’লে।”

Post a Comment

Previous Post Next Post