অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সমাপ্ত কৰিছে CBIয়ে। সূত্ৰই জনোৱা মতে, ইতিমধ্যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত সম্পূৰ্ণ কৰি ‘ক্লজাৰ ৰিপ’ৰ্ট’ দাখিল কৰিছে। উল্লেখযোগ্য যে, বিগত ২০২০ বৰ্ষৰ ১৪ জুনত সুশান্ত সিং ৰাজপুতৰ মৃত্যু হয়। প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যুৰ পিছতে পৰিয়ালৰ কেইবাজনো সদস্যই সুশান্তক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু সূত্ৰ অনুসৰি CBIয়ে তদন্তৰ সময়ত এই অভিযোগৰ সত্যতা বিচাৰি নাপালে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ‘ক্লজাৰ ৰিপ’ৰ্ট’ত উল্লেখ কৰিছে যে সুশান্ত সিং ৰাজপুতে চৰম পথ লোৱাটোৱেই সত্য।
সূত্ৰ অনুসৰি CBIয়ে তদন্তৰ প্ৰতিবেদনত লিখিছে যে এই হত্যাৰ গোচৰটো, আৰু এই অভিযোগ প্ৰমাণ কৰিবলৈ কোনো মৌখিক বা বস্তুনিষ্ঠ প্ৰমাণ পোৱা নগ’ল। অভিনেতাগৰাকীৰ ভগ্নীয়ে জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ আঁৰত ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু CBIয়ে বহু সময় অপেক্ষা কৰাৰ পাছতো তেওঁ অভিযোগ দাখিল কৰিবলৈ তদন্তকাৰী সংস্থাৰ সন্মুখত হাজিৰ নহ’ল। কেৱল সেয়াই নহয়, চৰকাৰী সূত্ৰই জনোৱা মতে, ফৰেঞ্চিক পৰীক্ষাত সুশান্তৰ মৃত্যুত কোনো ধৰণৰ অস্বাভাৱিকতা পোৱা নগ’ল বাবে তদন্ত সমাপ্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।২০২০ চনৰ ১৪ জুনত মুম্বাইৰ নিজ এপাৰ্টমেণ্টত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। চিলিং ফেনত ওলমি আছিল অভিনেতাজনৰ মৃতদেহ। অৱশ্যে ঘটনাস্থলীৰ পৰা কোনো টোকা উদ্ধাৰ হোৱা নাছিল। সুশান্তৰ দৰে জনপ্ৰিয় অভিনেতা আৰু সেই সময়ত বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেতাৰ এনে ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। অভিযোগ উত্থাপন হৈছিল হত্যাৰ। সেই ৰহস্য উলিয়াবলৈ চিবিআইক তদন্তৰ দায়িত্ব দিয়া হৈছিল।