Health Benefits of Cape jasmine : ব’হাগ অহাৰ লগে লগে অসমত বিশেষ হৈ পৰে তগৰ ফুল



ব’হাগ অহাৰ লগে লগে অসমত বিশেষ হৈ পৰে তগৰ ফুল। তগৰ ফুলৰো আছে বহু ঔষধি গুণ। তগৰ ফুলৰ গোন্ধতো আছে বিশেষ মাদকতা। তগৰ ফুলৰ গোন্ধত ব’হাগ মাহৰ আগমনৰ বাতৰি। চ’ত মাহৰ শেষৰ পৰাই তগৰ ফুল ফুলিবলৈ ধৰে। অসমত খুবেই পৰিচিত এই তগৰ ফুল। এছিয়াৰ ভিতৰত বহু দেশত তগৰ ফুলৰ খেতি কৰি অহা হৈছে। বিশেষকৈ বহু বছৰ পূৰ্বৰ পৰাই চীন দেশত ইয়াৰ খেতি কৰি আহিছে। তাৰ পাছত ১৮ শতিকাৰ পৰাহে এই ফুলে ইংৰাজ সকলৰ বাগিচাত স্থান পায়। শুভ্ৰ ফুল আৰু উজ্জ্বল সেউজীয়া পাতেৰে তগৰ ফুল এবিধ গুল্মজাতীয় উদ্ভিদ।


তগৰ ফুলৰ মুখ্য আকৰ্ষণ হৈছে ইয়াৰ গোন্ধ। সেয়ে ইয়াৰ আন এটি নাম হ’ল গন্ধৰাজ। অসমৰ ভিন্ন প্ৰান্তত তগৰ ফুলক গন্ধৰাজ নামেৰেও জনা যায়। বৰ্তমান অসমতো তগৰ ফুলৰ খেতি কৰা পৰিলক্ষিত হৈছে। অসমত বিশেষকৈ বহাগ বিহু অহা লগে লগে তগৰ ফুল ফুলে। বসন্ত কালত তগৰ ফুল ফুলিবলৈ ধৰে আৰু বহুদিন ধৰি এই ফুলবোৰ সক্ৰিয় হৈ থাকে। গৃহসজ্জা আৰু পুষ্পসজ্জাৰ বাবে তগৰ ফুল ব্যৱহাৰ কৰা হয়। বিশেষকৈ পূজা-পাৰ্বনতো তগৰ ফুল ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি বিহুত নাচনীসকলে তগৰ ফুল খোপাত মাৰি বিহু নচা দেখিবলৈ পোৱা যায়। অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনতো তগৰ ফুলৰ বিশেষ ভূমিকা আছে। এইসমূহৰ উপৰি তগৰ ফুলৰ পৰা বিভিন্ন সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়।

সুগন্ধৰ বাবে বিখ্যাত তগৰ ফুলৰো আছে বহু ঔষধি গুণ। এই সন্দৰ্ভত চিকিৎসক প্ৰাঞ্জল চেতিয়াই কয় যে, ‘তগৰ ফুলে মানৱ শৰীৰৰ স্বাস্থ্য উন্নতি হোৱাত বিশেষভাৱে সহায় কৰে। পুৰণি ঘাঁ অথবা বিষ ফোঁহাত এই ফুল পিচি লেপ দিলে যথেষ্ট উপশম পোৱা যায়। ভয় ভয় ভাৱ হৈ থাকিলে বা মানসিক অশান্তি হ’লে তগৰ ফুলৰ চূৰ্ণ অলপ পুৱা-গধূলি মৌৰে খালে উপকাৰ পোৱা যায়। মৃগী ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে মিলাই এমাহ খালে উপশম পোৱা যায়। হিষ্টিৰিয়া ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে এমাহ খালে এই ৰোগৰ পৰা উপশম পোৱা যায়।’

Post a Comment

Previous Post Next Post