এইবাৰ বিহুৰ অনুষ্ঠান নকৰাৰ সিদ্ধান্ত এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ



বাপতি সাহোন ৰঙালী বিহুলৈ আৰু বেছি দিন। উজনি পৰা নামনিলৈ চলিছে বিহুৰ আখৰা। শদিয়াৰ পৰা ধুবুৰীলৈ বাজি উঠিছে ঢোল-পেঁপা-গগনা। কুলি-কেতেকীয়েও দিছে ব’হাগৰ বতৰা। ইতিমধ্যে বিহুলৈ বুলি সাজু হৈছে ৰাজ্যৰ কণ্ঠশিল্পীসকলো। কিন্তু তাৰ মাজতে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে কৰিলে এক ডাঙৰ ঘোষণা। এইবাৰ ব’হাগৰ বিহুত সাংস্কৃতিক অনুষ্ঠান নকৰে বুলি ঘোষণা কৰিলে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে।


জনপ্ৰিয় কণ্ঠশিল্পী যুতিমালা বুঢ়াগোহাঁয়ে এইবাৰৰ বিহুৰ অনুষ্ঠান পৰিৱেশন নকৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমত কণ্ঠশিল্পী গৰাকীয়ে ইয়াৰ কাৰণো বৰ্ণনা কৰিছে।‘‘এইবছৰ বিহুৰ অনুষ্ঠান নকৰাৰ সিদ্ধান্ত, কাৰণ কেইবাটাও -

১) বিহু মঞ্চত আয়োজকে বিচৰাৰ দৰে মোৰ তথাকথিত হিট গান নাই ।
২) এটা কথা নিজেও স্বীকাৰ কৰোঁ যে, যিকেইটা গীত সৃষ্টি কৰিছোঁ সেই গীত সমূহৰ কথা মাজনিশা বিহু মঞ্চত শুনিবলৈ কাৰোৱেই ধৈৰ্য্য নাথাকে , আৰু তাত ৰাইজৰো একো দোষ নাই। সকলোয়ে ফুৰ্তি কৰিম বুলিয়েই যিহেতু বিহু অনুষ্ঠান লৈ আহে।
৩)ৰাইজৰ মৰমত যোৱাবছৰৰ বিহুত চাৰিখনমান অনুষ্ঠান, তাৰ বাবে সপ্তাহ জোৰা অনুশীলন কৰি বাদ্যযন্ত্ৰী সকলক মাহটোৰ বাবে ৰাখি এটা ডাঙৰ ভূল কৰিলোঁ যেন অনুভৱ হ`ল, কাৰণ মোৰ বাহিৰে বেলেগ গায়ক গায়িকাৰ লগত চুক্তি কৰা হ’লে হয়তো দুখনমান বেছিকৈ অনুষ্ঠান পালে হয় ।
৪)কেতিয়াবা এনেও হয় যে হিট গান নথকা সকলক ট্ৰেকতে অকলে দুটিমান গীত গাবলৈ নিমন্ত্ৰণ জনাই, তেনে ক্ষেত্ৰত যি সকল কিঞ্চিৎ অনুৰাগী থাকে তেওঁলোকেও অনুস্ঠান চাম বুলি আশাপালি, লাইভ মিউজিক শুনিবলৈ নাপায় নিৰাশ হৈ ঘূৰি আহে। গতিকে ট্ৰেকৰ অনুষ্ঠান এইবছৰেই এৰিলোঁ।
৫) দূখৰ আৰু লাজৰ কথাটো হৈছে হিট গান নথকা গায়ক গায়িকা সকলৰ প্ৰতি আয়োজকৰ বজাৰৰ দৰে দৰ দাম । পইছা ঘটিম বুলি কেতিয়াও গীত গোৱা নাছিলোঁ, হয়তো গীত গাব ধৰোঁতে গমেই পোৱা নাছিলোঁ পইছাৰ মহত্ত্ব, কিন্তু যেতিয়াৰ পৰা অনুষ্ঠান বোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ সকলোৰে কষ্ট বোৰ ওচৰৰ পৰা দেখিলোঁ, মাহ মাহ বছৰ বছৰ ধৰি অনুশীলন কৰাবোৰ ছাউন্ড ছিষ্টেম বেয়া হলেওঁ অনৰ্থক হৈ যায়। গতিকে পইছাৰ প্ৰয়োজন এনে কিছু কথাত আহি অনুভৱ হয়, তাৰোপৰি বিহুৰ বতৰত বাদ্য সংগত কৰা সকল, যাতায়ত , জিৰণী এইবোৰ আছেই।
৬) প্ৰতিগৰাকী গায়ক গায়িকাই মঞ্চ এখনত নিজৰ গীত এটি হলেওঁ পৰিৱেশন কৰিবলৈ ভাল পায়, কিন্তু তেনে সময়তে যদি ৰাইজৰ ফালৰ পৰা অবাঞ্চিত কথাৰ কিৰিলি শুনিবলৈ পাই মনত অলপ আঘাত হয় ।
৭) ৰাতি ৮-১০ বজাৰ শ্ৰোতা আৰু মাজনিশাৰ শ্ৰোতাৰ মাজত বহুত পাৰ্থক্য। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখিও অনুষ্ঠান সমূহ হোৱাটো বিচাৰোঁ। (বহু ঠাইত হয়তো ইয়াৰ ব্যতিক্ৰম হব পাৰে)
মোৰ ভাৱধাৰায়েই পুৰণি নে এতিয়াও বৰ্তমান পৰিবেশত খাপ খাব পৰা নাই নাজানোঁ, কিন্তু কিছুমান কথাই আমনি কৰে, অনুষ্ঠান এখন কৰি এনেধৰণৰ মানসিক অশান্তিত ভোগাতকৈ কিছু দিন বিৰতি লৈছো।
আপোনালোকে বিচৰাৰ দৰেই আৰু ভাল ভাল গীত লৈ লগ পাম অনাগত দিনত, মোৰ গীত শুনি ভালপোৱা সকললৈ এইবাৰৰ বাবে ক্ষমা বিছাৰিছো। সকলোৰে ভাল হওঁক 🌻
আপোনালোকৰ মৰমৰ

Post a Comment

Previous Post Next Post