SpaceX Crew-10 mission : পৃথিৱীলৈ উভতি অহাৰ পথ প্ৰশস্ত সুনীতা উইলিয়ামছ আৰু বেৰী বুশ্ব উইলম’ৰৰ


 

সুদীৰ্ঘ ৯ মাহৰ পাছত পৃথিৱীলৈ ঘূৰি আহিব দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী বুশ্ব উইলম’ৰ। পৃথিৱীৰ পৰা যোৱা নাছাৰ স্পেছ এক্স ক্ৰু-10 অভিযানৰ অংশ হিচাপে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৈ উপস্থিত হৈছেগৈ চাৰি মহাকাশচাৰী। পৃথিৱীৰ পৰা যোৱা একেখন মহাকাশযানতে সুনীতা উইলিয়ামছ আৰু বেৰী বুশ্ব উইলম’ৰক ঘূৰাই অনা হ’ব।

নাছাই প্ৰকাশ কৰা তথ্য অনুসৰি মহাকাশলৈ প্ৰেৰণ কৰা স্পেচ এক্সৰ মহাকাশযান খনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ নিচেই কাষত অৱস্থান গ্ৰহণ কৰি সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। ডকিং প্ৰক্ৰিয়াৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ লগত সংযোগ স্থাপনৰ পাছতে পৃথিৱীৰ পৰা যোৱা চাৰি মহাকাশচাৰীয়ে প্ৰৱেশ কৰিছে মহাকাশ কেন্দ্ৰত।

ইতিমধ্যে পূৰ্বৰে পৰা মহাকাশ কেন্দ্ৰত থকা আনসকল মহাকাশচাৰীৰ সৈতে বাৰ্তালাপ কৰিছে পৃথিৱীৰ পৰা যোৱা মহাকাশচাৰী কেইজনে। স্পেচ এক্সৰ ড্ৰেগন মহাকাশ যানেৰে মহাকাশত উপস্থিত হোৱাৰ পাছতে পৃথিৱীলৈ ঘুৰি অহাৰ ক্ষেত্ৰত দুই মহাকাশচাৰীৰ সময় চমু চাপি আহিছে। স্পেচ এক্সৰ ড্ৰেগন মহাকাশ যানখনৰ যাৱতীয় পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত ১৯ মাৰ্চত পৃথিৱীলৈ ঘূৰাই অনা হ’ব সুনীতা উইলিয়ামছ আৰু বেৰী বুশ্ব উইলম’ৰক।

Post a Comment

Previous Post Next Post