স্বামীৰ বুকুৰ ওপৰত বহি, ডিঙিত ছুৰী ৰাখি বিহপান কৰিবলৈ বাধ্য কৰালে পত্নীয়ে

 


ত্নীৰ সৈতে কাজিয়া হৈছিল। আৰু তাৰ ফলতে স্বামীক বলপূৰ্বক বিহপান কৰোৱাৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে। শুকুৰবাৰে নিশা এই ঘটনা সংঘটিত হয়। ঘটনাটো বিহাৰৰ সমষ্টিপুৰৰ মুছাপুৰ পঞ্চায়তৰ ঘাথো থানাৰ অন্তৰ্গত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ভুক্তভোগী যুৱকজনৰ নাম বিক্ৰম কুমাৰ সিংহ। হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে তেওঁক। ঘটনাৰ সূত্ৰপাত হয় শুকুৰবাৰে নিশা। এটা সৰু ঘটনাক কেন্দ্ৰ কৰি স্বামী-স্ত্ৰীৰ মাজত অশান্তি আৰম্ভ হয়। সেই অশান্তি এটা সময়ত চৰম পৰ্যায় পায়গৈ। অভিযোগ অনুসৰি, হঠাৎ বিক্ৰমক মাটিত পেলাই বুকুৰ ওপৰত বহি লয় পত্নী বিভা দেৱীয়ে। বিক্ৰমৰ ডিঙিত ছুৰী ৰাখি তেওঁক বিহপান কৰা হয় বুলি অভিযোগ।

বিক্ৰম আৰু বিভা দেৱীৰ দুই সন্তান আছে। আৰক্ষীয়ে জনাইছে, বিক্ৰমৰ সন্তানেই জনাইছে, পিতৃৰ বুকুৰ ওপৰত বহি লয় তেওঁলোকৰ মাতৃয়ে। তাৰ পিছত ছুৰীৰে আঘাত কৰে। অৱশ্যে বিক্ৰমৰ শৰীৰত ছুৰীৰ কোনো আঘাতৰ চিন পোৱা নাই বুলি জনাইছে আৰক্ষীয়ে। বিক্ৰমৰ মাতৃ জ্যোতি দেৱীয়ে বোৱাৰীয়েকৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ চেষ্টাৰ অভিযোগ দাখিল কৰিছে। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় বিভা দেৱীক।

বিক্ৰমৰ পৰিয়ালৰ দাবী, বিভা দেৱীৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে। কেৱল সেয়াই নহয়, বিক্ৰমক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল পত্নীয়ে। ২০২৩ চনত স্বামী আৰু শহুৰেকৰ ঘৰৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল বিভা দেৱীয়ে। মহকুমা আৰক্ষী বিষয়া বিবেক কুমাৰ শৰ্মাই জনাইছে, প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে, সেই ঘটনাৰ অভিযোগ উঠাই লোৱাৰ বাবে চাপ দিয়া হৈছিল বিভা দেৱীক। তাৰ ফলতে এই ঘটনা সংঘটিত হয়। কিন্তু আচলতে কি হৈছিল, সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে।


Post a Comment

Previous Post Next Post