PM Modi Inaugurates New Pamban Bridge: দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ছী ব্ৰীজ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ



 পৱিত্ৰ ৰামন ৱমীৰ দিনাই দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ছী ব্ৰীজ মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তামিলনাডুৰ ৰামেশ্বৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ২.০৭ কিলোমিটাৰ দৈৰ্ঘৰ নতুন পাম্বান দলং। প্ৰায় ৫৫০ কোটি টকাৰে ৰে’ল বিকাশ নিগম লিমিটেডে নিৰ্মাণ কৰি উলিয়াইছে অত্যাধুনিক দলংখন। উল্লেখ্য যে মূল ভূখণ্ডৰ মণ্ডপামৰ সৈতে ৰামেশ্বৰম দ্বীপক সংযোগ কৰিব ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন পাম্বান দলংখনে।


দেশৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট ছী ব্ৰীজ তথা নতুনকৈ নিৰ্মাণ কৰা পাম্বান দলঙৰ বিশেষত্ব হৈছে উলম্বভাৱে খোল খোৱা ব্যৱস্থা। সমুদ্ৰ পথেৰে জাহাজ আহিলে ওপৰলৈ খোল খাই যাব দলংখন। জাহাজ অহাৰ লগে লগে ১৭ মিটাৰ ওপৰলৈ উঠি যাব ৭২.৫ মিটাৰ দৈৰ্ঘৰ নেভিগেচনেল স্পেন। পুৰণি দলংখনৰ তুলনাত ৩ মিটাৰ ওখ কৰা হৈছে নতুন দলংখন। যাৰ ফলত সাগৰীয় জলপথটোৰে যাতায়াত অধিক সুচল হৈ পৰিব।

দলংখন শক্তিশালী আৰু দীৰ্ঘম্যাদী কৰাৰ বাবে উন্নতমানৰ ষ্টেইনলেছ ষ্টীলেৰে নিৰ্মাণ কৰা হৈছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানে দাবী কৰা অনুসৰি অনাগত ১০০ বছৰলৈ ভাৰ্টিকেল লিফ্ট ছী ব্ৰীজৰ কৰিব নালাগে কোনো মেৰামতি। ১৯১৪ চনত ব্ৰিটিছে নিৰ্মাণ কৰিছিল পুৰণি পাম্বান ব্ৰীজ। ২০২২ চনৰ ২৩ ডিচেম্বৰলৈ পুৰণি পাম্বান ব্ৰীজেৰে চলি আছিল ৰে’লৰ যাতায়াত। ১০৮ বছৰতকৈও অধিক সময় পুৰণি পাম্বান দলঙে তীৰ্থযাত্ৰী, পৰ্যটকৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে কাম কৰিছিল। ৰামেশ্বৰমত নতুনকৈ নিৰ্মাণ কৰা পাম্বান দলঙে সাগৰীয় পথৰ যাতায়াতক প্ৰদান কৰিব অন্য এক মাত্ৰা।

ঘূৰ্ণীবতাহ আৰু সাগৰীয় বতৰৰ দ্বাৰা প্ৰায়ে ক্ষতিগ্ৰস্ত হোৱা অঞ্চললৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব নতুন পাম্বন দলঙে। শ্ৰীলংকাৰ ভ্ৰমণসূচীৰ সামৰি তামিলনাডুত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম নৱমীৰ দিনাই দেশবাসীৰ বাবে উৎসৰ্গা কৰে দেশৰ প্ৰথমখন ভাৰ্টিকেল অত্যাধুনিক লিফ্ট ছী ব্ৰীজ। নতুন পাম্বানা দলং মুকলি কৰাৰ লগতে তামিলনাডুত ৮ হাজাৰ ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া কেইবাটাও ৰে’ল আৰু স্থল পথৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

Post a Comment

Previous Post Next Post