ৰাজধানী দিল্লীত বিজেপিয়ে শাসনভাৰ লোৱাৰ পাছতে দিল্লীক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই। এইবাৰ দিল্লীৰ ৰাজপথত দেখা নাপাব ১৫ বছৰীয়া পুৰণি বাহন। ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিজেপিয়ে লৈছে ডাঙৰ সিদ্ধান্ত।
৩১ মাৰ্চৰ পাছত দিল্লীত ১৫ বছৰৰ ওপৰৰ বাহনত পেট্ৰ’ল ডিজেল নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ পৰিবেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয় যে চৰকাৰে পেট্ৰ’ল পাম্পত গেজেট স্থাপন কৰিছে, যিয়ে ১৫ বছৰৰ ওপৰৰ বাহন চিনাক্ত কৰাত সহায়ক হ’ব। আৰু তেনে বাহনত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণ প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে আলোচনাৰ বাবে বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যান-বাহনৰ নিৰ্গমন আৰু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও ছিৰছাই কয়।
বৈঠকত পুৰণি বাহনৰ ওপৰত নিষেধাজ্ঞা, বাধ্যতামূলক ধোঁৱা বিৰোধী ব্যৱস্থা, বৈদ্যুতিক ৰাজহুৱা পৰিবহণলৈ পৰিৱৰ্তনকে ধৰি মূল নীতিগত সিদ্ধান্তসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই সিদ্ধান্তৰ বিষয়ে দিল্লী চৰকাৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ক অৱগত কৰিব। পুৰণি বাহনসমূহৰ ইন্ধন যোগান সীমিত কৰাৰ উপৰিও ৰাজধানীৰ সকলো সুউচ্চ অট্টালিকা, হোটেল, বাণিজ্যিক কমপ্লেক্সত বায়ু প্ৰদূষণৰ মাত্ৰা ৰোধ কৰিবলৈ ধোঁৱা বিৰোধী যন্ত্ৰ স্থাপন বাধ্যতামূলক হ’ব বুলি সদৰী কৰে।ইয়াৰ লগতে দিল্লীত খালী ঠাইসমূহত গছপুলি ৰোপণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে চৰকাৰে। চৰকাৰে স্বচ্ছ আৰু বহনক্ষম ৰাজহুৱা পৰিবহণ সুচল কৰাৰ স্বাৰ্থত ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত দিল্লীৰ ৯০ শতাংশ ৰাজহুৱা চিএনজি বাছ পৰ্যায়ক্ৰমে বন্ধ কৰি ইয়াৰ ঠাইত ইলেকট্ৰিক বাছৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰকাশ কৰে। মহানগৰীৰ বাসিন্দাসকলৰ বাবে উল্লেখযোগ্য প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱা বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সদৰী কৰে। উল্লেখ্য যে ৰাজধানী দিল্লীত প্ৰতিবছৰে বায়ু প্ৰদূষণৰ বাবে জনসাধাৰণৰ দুৰ্বিসহ অৱস্থাৰ সৃষ্টি হয়।