International Women's Day 2025: শনিবাৰে বিশ্বজুৰি পালন কৰা হ’ব আন্তৰ্জাতিক নাৰী দিৱস



 শনিবাৰে বিশ্বজুৰি পালন কৰা হ’ব আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতিবছৰে ৮ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস ( International Women’s Day) পালন কৰা হয়। নাৰীসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কৃতিত্বক সন্মান জনোৱাৰ আপাহেৰে এই দিৱস পালন কৰা হয়। এই দিৱসৰ প্ৰাথমিক উদ্দেশ্য হৈছে নাৰীৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই তেওঁলোকক সমতা আৰু স্বাধিকাৰৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহী কৰা।

নাৰী দিৱসৰ ইতিহাস

এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ মৰ্যাদা প্ৰাপ্তিৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৮৫৭ চনত মজুৰিৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য, কামৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা, কৰ্মক্ষেত্ৰৰ অমানৱীয় পৰিবেশ আৰু পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ সূতা কাৰখানাৰ নাৰী শ্ৰমিকসকলে পোনতে আন্দোলন কৰিছিল। সেই আন্দোলন চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ১৯০৮ চনত নিউয়ৰ্কৰ সামাজিক গণতান্ত্ৰিক নাৰী সংগঠনে আয়োজন কৰা নাৰী সমাৱেশত জাৰ্মান সমাজতান্ত্ৰিক নেত্ৰী ক্লাৰা জেটকিনৰ নেতৃত্বত সৰ্বপ্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত হৈছিল।

ক্লাৰা এগৰাকী জাৰ্মান ৰাজনীতিবিদ; জাৰ্মান কমিউনিষ্ট পাৰ্টিৰ সদস্য। তাৰ পাছত ১৯১০ চনত ডেনমাৰ্কৰ কপেনহেগেনত অনুষ্ঠিত হয় দ্বিতীয়খন আন্তৰ্জাতিক নাৰী সন্মিলন। ১৭খন দেশৰ পৰা ১০০গৰাকী নাৰী প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। এই সন্মিলনতে ক্লাৰাই প্ৰতি বছৰে ৮ মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়ে। তাৰ ফলশ্ৰুতিত ১৯১১ চনৰপৰা নাৰীসকলৰ সম-অধিকাৰ দিৱস হিচাপে এই দিনটো পালন কৰা হৈ আহিছে। পৰৱৰ্তী সময়ত এই দিৱস পালন কৰিবলৈ বিভিন্ন দেশৰ সমাজতাত্ত্বিকসকল আগবাঢ়ি আহে। ১৯১৪ চনৰপৰা কেইবাখনো দেশত ৮ মাৰ্চ দিনটো পালন কৰাৰ প্ৰথা আৰম্ভ হয়। ১৯৭৫ চনত নাৰী দিৱসক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। এই দিৱস পালন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘই আহ্বান জনায়। তাৰ পাছৰ পৰা গোটেই পৃথিৱীজুৰি এই দিনটো নাৰীৰ সম-অধিকাৰ আদায়ৰ বাবে সংকল্প গ্ৰহণৰ দিন হিচাপে পালন কৰা হৈ আহিছে।

এইবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ Theme হৈছে ‘For ALL Women and Girls: Rights. Equality. Empowerment’. অৰ্থাৎ ‘সকলো মহিলা আৰু ছোৱালীৰ বাবে: অধিকাৰ, সমতা, সৱলীকৰণ’। এই বিষয়টোৰ অৰ্থ হ’ল সন্মান, অধিকাৰ, ক্ষমতা আৰু সুযোগৰ জৰিয়তে সকলো নাৰীৰ ভৱিষ্যৎ উন্নত কৰা।

Post a Comment

Previous Post Next Post