IIT Baba : দশম শ্ৰেণীত ৯৩%, দ্বাদশ শ্ৰেণীত ৯২.৪%, JEEত...



 IIT Baba Abhay Singh : প্ৰয়াগৰাজ মহাকুম্ভৰ পৰা লাইমলাইটলৈ অহা আই আই টিয়ান বাবাই ধাৰাবাহিকভাৱে শিৰোনাম দখল কৰি আহিছে। যদিও তেওঁৰ প্ৰকৃত নাম অভয় সিং, কিন্তু বিশ্বই এতিয়া তেওঁক IITian Baba বুলি চিনি পায়। আচলতে অভয় সিঙে আই আই টি বম্বেত পঢ়িছিল, যাৰ বাবেই তেওঁক আই আই টিয়ান বাবা নাম দিয়া হৈছিল। মহাকুম্ভৰ পিছত জয়পুৰত গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল আই আই টি বাবাক। ইফালে শ্ব’ত কাজিয়া কৰাৰ বাবে বাতৰিৰ শিৰোনামলৈ আহে এইগৰাকী বাবা।

শেহতীয়াকৈ আইআইটি বাবাৰ মাৰ্কশ্বীট ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই মাৰ্কশ্বীটৰ সত্যতা সন্দৰ্ভত বিভিন্ন দাবী উত্থাপন হৈছে। দশম আৰু দ্বাদশত ‘আই আই টিয়ান বাবাই’ কিমান নম্বৰ পাইছিল আৰু জে ই ই পৰীক্ষাত তেওঁৰ ৰেংক কিমান আছিল।

ডি এন এ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, ভাইৰেল হৈ থকা অভয় সিঙৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বীটত তেওঁ দশম শ্ৰেণীত ৯৩% আৰু দ্বাদশ শ্ৰেণীত ৯২.৪% নম্বৰ লাভ কৰিছিল। যাৰ পৰা বুজা যায় যে অভয় সিং পঢ়া-শুনাত খুবেই ভাল আছিল। ইয়াৰ পিছত তেওঁ ২০০৮ চনত IIT-JEE পৰীক্ষাত অৱতীৰ্ণ হয়। এই পৰীক্ষাত অভয় সিং ওৰফে IITian বাবাই ৭৩১ সংখ্যক ৰেংক লাভ কৰে আৰু তাৰ পিছতে তেওঁ IIT Bombayত নামভৰ্তি কৰে। অভয় সিঙে ২০০৮-২০১২ বেটছত আইআইটি বম্বেৰ পৰা এয়ৰ’স্পেচ ইঞ্জিনিয়াৰিংত বি টেক কৰে।

পঢ়া-শুনা সমাপ্ত কৰি অভয় সিঙে কানাডাতো চাকৰি কৰিছিল। নিজৰ অতীতৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমৰ সৈতে কথা পাতি অভয় সিঙে কৈছিল যে তেওঁ কানাডাৰ এটা ব্যক্তিগত কোম্পানীত তিনি বছৰ কাম কৰিছিল, য’ত তেওঁৰ বাৰ্ষিক দৰমহা আছিল ৩৬ লাখ টকা। কিন্তু চাকৰি এৰি তেওঁ আত্ম-আৱিষ্কাৰ আৰু দৰ্শনৰ পথত আগবাঢ়িছিল। অভয় সিঙে ডিজাইনত স্নাতকোত্তৰ (M.Des) ডিগ্ৰী লাভ কৰাৰ লগতে ফটোগ্ৰাফীতো হাত দিছিল। আই আই টি বম্বেৰ প্ৰাক্তন বেচমেট গৌৰৱ গোৱালে এক সাক্ষাৎকাৰত কয় যে অভয় সদায় টপাৰ আছিল, কিন্তু এতিয়া তেওঁ ত্যাগৰ পথ বাছি লৈছে, যিটো তেওঁৰ বাবেও আচৰিত।

Post a Comment

Previous Post Next Post