Jorhat Lachit Borphukan's Maidam: আছেনে ঠিকে বীৰ লাচিতৰ মৈদাম ?

 


মৈদামসমূহ হৈছে আহোম ৰাজ-পৰিয়ালৰ সদস্যসকলক সমাধিস্থ কৰা পিৰামিড সদৃশ মাটিৰ টিলা । যোৰহাট টাউনৰ পৰা ১৬ কিলোমিটাৰ নিলগত থকা হোলোঙাপাৰত আছে লাচিত মৈদাম, যত মহান আহোম সেনাপতি লাচিত বৰফুকনৰ অৱশেষ সংৰক্ষিত কৰি ৰখা হৈছে ।


যিয়ে অতি পৰাক্ৰমেৰে শৰাইঘাটৰ ৰণত বিশাল মোগল সেনাক পৰাস্ত কৰিছিল । অসম বুৰঞ্জীৰ পাত লুটিয়াই চালেই দেখা পোৱা অপৰাজেয় সত্বা হ’ল লাচিত বৰফুকন । লাচিত বৰফুকনৰ দৃঢ়, নি:স্বাৰ্থ আৰু দুৰদৰ্শী নেতৃত্বই সোঁৱৰাই থাকে অসমীয়া জাতিৰ প্ৰৱল পৰাক্ৰমৰ কথা । লাচিত বৰফুকনক বাদ দি অসমীয়া জাতিটোৰ সাহস আৰু বীৰত্বৰ কথা কল্পনাই কৰিব নোৱাৰি ।

আজিও প্ৰতিজন অসমীয়াৰ মনত লাচিত বৰফুকনৰ সাহস, নেতৃত্বৰ দুৰদৰ্শিতাই শিহৰণ তোলে । এককথাত অসমীয়া জাতিৰ আৱেগ, অসমীয়াৰ স্বাভিমান হ’ল লাচিত বৰফুকন । ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি হ’ল লাচিত বৰফুকন ।

উল্লেখ্য যে সাত ৰাজ সামৰি এক ৰাজ কৰা চাওলুং চ্যুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ । লাচিত বৰফুকন হ’ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান । নিজৰ বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি শৰাইঘাট যুদ্ধত জয়লাভ কৰা লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই ।

১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয় । বৰ্তমান এই মৈদামৰ ক্ষেত্ৰত কিছু অৱহেলা পৰিলক্ষিত হৈছে ৰজাঘৰীয়াৰ । আহোম সেনা আৰু আহোমৰ সেনাপতি গৰাকীৰ বীৰত্ব সোঁৱৰাই থকা এই মৈদামৰ আছে নিজা এক স্বকীয়তা । কিন্তু কালক্ৰমত যেন অতীতৰ বুকুত বিলীন হৈ নাযাওক এই মৈদামৰ গৰিমা, আশাবাদী সচেতন মহল ।

মৈদামটোৰ চৌপাশৰ লগতে ইয়াৰ সৌন্দৰ্য ম্লান পৰা নাই যদিও বৰ্তমানো যথোপযুক্ত ব‍্যৱস্থা লোৱাৰ প্ৰয়োজন আছে মৈদামটো সংৰক্ষণৰ ক্ষেত্ৰত । নহ'লে অৱহেলিত হৈ কালক্ৰমত এই মৈদামটোৱেও হেৰুৱাব নিজা অস্তিত্ব ।

Post a Comment

Previous Post Next Post