অগ্নিনিৰ্বাপন ব্যৱস্থাৰ নীতি-নিয়ম মানি নচলা গুৱাহাটীৰ ওখ অট্টালিকাসমূহৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ


 

মন্ত্ৰী অশোক সিংহলে আজি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক সত্যেন্দ্ৰ নাৰায়ণ সিঙৰ সৈতে জনতা ভৱনৰ কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হয়। গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থা (fire fighting system) পৰিদৰ্শন কৰাৰ লগতে তেনে ভৱনসমূহৰ বাসিন্দাসকলক সম্ভাব্য অগ্নিকাণ্ড তথা অন্যান্য জৰুৰীকালীন অৱস্থা সন্দৰ্ভত সচেতন কৰাৰ বাবে প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষী বিষয়াগৰাকীক নিৰ্দেশ দিয়ে।


মঙলবাৰৰ বৈঠকত মন্ত্ৰী সিংহলে (Ashok Singhal) সম্ভাব্য দুৰ্ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত অগ্নিনিৰ্বাপনৰ প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকাসমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে।

Post a Comment

Previous Post Next Post