'৩০০ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী''


 

ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহ। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাৰ খেলপথাৰত ৰাজহুৱা সভা সম্বোধন কৰে শ্বাহে। মানকটা খেলপথাৰত জনসভা সম্বোধন কৰাৰ পূৰ্বে শ্বাহে বিজেপিৰ উজনিৰ মাণ্ডলিক কাৰ্যালয় ভাৰ্চুৱেলী ভূমি পূজন কৰে। উল্লেখ্য এই পাঁচ মহলীয়া মাণ্ডলিক কাৰ্যালয়টো ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰত নিৰ্মাণ কৰা হ'ব (Home Minister Amit Shah in Assam)।


কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিব আৰু ৩০০ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ কয় বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যিমানেই বেয়া কথা ক’ব, সিমানেই বিজেপি আগবাঢ়ি যাব।

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘উত্তৰ-পূবৰ তিনিওখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে। তিনিওখন ৰাজ্যতে বিজেপি চৰকাৰৰ অংশ আছে।''কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীকো আক্ৰমণ কৰে। তেওঁ কয়, ‘এসময়ত উত্তৰ-পূবক কংগ্ৰেছৰ দুৰ্গ বুলি গণ্য কৰা হৈছিল, এতিয়া ৰাহুল বাবাই দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰাৰ পিছত হোৱা এই তিনিখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ নিঃশেষ হৈ গ’ল। ৰাহুল বাবাই বুজি নাপায়, তেওঁ বিদেশলৈ যায় আৰু ভাৰতৰ বদনাম গাই ফুৰে, ৰাহুল বাবা বুজিবলৈ চেষ্টা কৰা, এতিয়া কেৱল উত্তৰ-পূৰ্বাঞ্চলতে কংগ্ৰেছ শূন্য হৈছে, যদি এই পথতে চলি থকা যায়, তেন্তে গোটেই দেশতে শূন্য হ'ব কংগ্ৰেছ।''

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয়, ''যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশক সুৰক্ষা দিলে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সন্ত্ৰাসবাদ নিঃশেষ কৰিলে, উন্নয়ন খৰতকীয়া কৰিলে, বহু ধৰণৰ আঁচনি আনিলে, সেই প্ৰধানমন্ত্ৰীগৰাকী প্ৰসংগতে কংগ্ৰেছীসকলে কয় মোদীয়ে আপোনালোকৰ কবৰ খান্দিব। কিন্তু এই কথাৰ দ্বাৰা একো নহয়। দেশৰ ১৩০ কোটি জনসাধাৰণ, সকলো অসমীয়াই প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনাৰে দিন-ৰাতি প্ৰাৰ্থনা কৰে। মোদীক যিমানেই গালি-গালাজ পাৰিব, সিমানেই পদুম ফুলি উঠিব।''


তেওঁ কয়, ‘উত্তৰ-পূবৰ ৭০ শতাংশ এলেকাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (এএফএছপিএ) আঁতৰাই দিয়া হৈছে, বড়োলেণ্ড শান্তিপূৰ্ণ হৈ পৰিছে, ৮টা জনজাতীয় গোটে আত্মসমৰ্পণ কৰিছে। অসম সীমান্তৰ বিবাদ শেষ হ’বলৈ গৈ আছে। এয়া প্ৰধানমন্ত্ৰী মোদীৰ সুশাসন, যাৰ বাবে আজি অসমৰ আভ্যন্তৰীণ অগ্ৰগতি হৈছে। ১২খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে আৰু ১২খন নিৰ্মাণ কৰা হৈছে। বিহুৰ দিনা ৰাজ্যলৈ এইমছ উপহাৰ দিবলৈ ওলাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক আগুৱাই লৈ গৈছে বিজেপিয়ে।''

আজিৰ সভাত মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰামেশ্বৰ তেলী, অজন্তা নেওগ, বিমল বৰা,সঞ্জয় কিষাণ, যোগেন মোহন, সাংসদ কামাখ্যা তাছা, প্ৰদান বৰুৱা, তপন গগৈ, জ্যেষ্ঠ বিধায়ক
প্ৰশান্ত ফুকনৰ লগতে আন বহুকেইগৰাকী নেতা উপস্থিত থাকে।

Post a Comment

Previous Post Next Post